Local, Vocal, Global

গ্ৰাহক সেৱা কেন্দ্ৰ খুলি লাখ লাখ টকা আত্মসাত

 

শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ লালেটাপুত ৰাইজক ঠগ প্ৰৱঞ্চঁনা কৰি ৭০ লাখকৈ টকা আত্মসাত কৰি সম্প্ৰতি পলাতক অৱস্থাত আছে ওমৰ ফাৰুক নামৰ এজন যুৱক ৷ লালেটাপুৰ লুঙি বজাৰত ভাৰতীয় ষ্টেট বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ খুলি ফাৰুকে এই টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে ৷ অঞ্চলটোৰ প্ৰায় দুই শতাধিক দুখীয়া লোকৰ বেংকৰ একাউণ্টৰ পৰা অতি কৌশলৰে এই ধন হৰলুকি কৰিছে ওমৰ ফাৰুকে ৷ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ দ্বায়িত্বত থকা ওমৰ ফাৰুকে গ্ৰাহক সকলৰ একাউণ্ট খোলাৰ সময়ত অতি কৌশলৰে নিজৰেই ফিংগাৰ প্ৰিণ্ট দি লাখ লাখ টকা আত্মসাৎ কৰে ৷ ইতিমধ্যে অঞ্চলটোৰ কেইবাগৰাকী গ্ৰাহকে এই ঘটনা সন্ধৰ্ভত প্ৰৱঞ্চক ওমৰ ফাৰুকৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ তৰিছে যদিও আৰক্ষীয়ে এই মূহুৰ্ত্বলৈকে ফাৰুকক গ্ৰেপ্তাৰ নকৰাটো ৰহস্যজনক বুলি মন্তৱ্য কৰিছে৷