মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই ৯ জিলাত
যোৱা বিধানসভা নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ আনুষ্ঠানিক কার্যব্যৱস্থা অহা ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে ৷
কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এখন সংবাদ মেলযোগে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো চৰকাৰে দুটা কেটেগৰীত বিভক্ত কৰিছে ৷ বেংকৰ সৈতে নিয়মিত লেনদেন অব্যাহত ৰখা আৰু লেনদেন অব্যাহত ৰাখিব নোৱাৰা ৷ যিসকলে মাইক্র’ ফাইনেঞ্চৰ ঋণ লৈ কিস্তিৰ ধন ওভতাই দিব পৰা নাই, তেওঁলোকক ঋণ ৰেহাইৰ বাবে আবেদন কৰিবলৈ চৰকাৰে অচিৰেই প’র্টেল এটা মুকলি কৰি দিব৷ ইয়াৰ বিপৰীতে মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা ৰাজ্যখনত ১১ লাখ মহিলাই এতিয়াও নিয়মিত ৰূপত বেংকৰ সৈতে লেনদেন অব্যাহত ৰাখিছে ৷ সেইসকল মহিলাক চৰকাৰে সর্বাধিক ২৫ হাজাৰ টকা পর্যন্ত চেক প্রদান কৰিব৷ অহা ২৮, ২৯ আৰু ৩০ নৱেম্বৰত ৰাজ্যৰ ৯খন জিলা শিৱসাগৰ, গোলাঘাট, শোণিতপুৰ, মাজুলী, পশ্চিম কার্বি আংলং, ডিমা হাছাও, দক্ষিণ শালমাৰা, চৰাইদেউ আৰু যোৰহাট জিলাত মাইক্র’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলাসকলক চেক প্রদান কৰিব৷ ব্লক পর্যায়ত সেই চেক প্রদান কৰা হ’ব ৷ জিলা উপায়ুক্তসকলে ইয়াৰ ব্যৱস্থা কৰিব ৷
মন্ত্রী মহন্তই কয় যে প্রতিমাহে ৮–৯খন জিলাত এনেদৰে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হ’ব ৷ অহা ডিচেম্বৰ মাহতো ৮–৯খন জিলাত সেই কার্যসূচী গ্রহণ কৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ ফলত এই কেটেগৰীত পৰা ১১ লাখ মহিলা উপকৃত হ’ব ৷