Local, Vocal, Global

অষ্ট্রেলিয়াৰ বিৰুদ্ধে আজি টীম ইণ্ডিয়াৰ অন্তিম ৱার্মআপ মেচ

0 6

শক্তিশালী ইংলেণ্ডক প্রথম ৱার্মআপ মেচত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই কাইলৈ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টি–২০ বিশ্বকাপৰ দ্বিতীয় তথা অন্তিমখন ৱার্মআপ মেচত অংশ ল’ব৷ দেওবাৰে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হাই ভ’ল্টেজ মেচত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূর্বে কাইলৈৰ মেচখন ভাৰতৰ বাবে গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ এই মেচখনৰ জৰিয়তে কোহলি বাহিনীয়ে বিশ্বকাপত খেলিবলগীয়া মূল দলটো চূড়ান্ত কৰাৰ লক্ষ্য লৈছে৷ প্রথম ৱার্মআপ মেচত বিশ্রাম লোৱা তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ লগতে ৰবীন্দ্র জাদেজা, শার্দূল ঠাকুৰ আৰু বৰুণ চক্রৱর্তীয়ে বুধবাৰৰ মেচত খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে প্রথম ৱার্মআপ মেচত বিস্ফোৰক বেটিঙেৰে উদীয়মান বাঁওহতীয়া বেটছমেন ঈশান কিশনে ভাৰতীয় দলৰ মূল একাদশৰ শক্তিশালী দাবীদাৰ হৈ উঠিছে৷ এনে প্রেক্ষাপটত দলটোৱে টি–২০ বিশ্বকাপত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ পৰিৱর্তে কিশনক মিডল অর্ডাৰত স্থান দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে হার্দিক আৰু কিশনৰ প্রদর্শন কাইলৈৰ মেচত লক্ষণীয় হ’ব৷ ইংলেণ্ডৰ বিৰুদ্ধে ব্যর্থ হোৱা সূর্য কুমাৰ যাদৱৰ ওপৰতো দলীয় মেনেজমেণ্টৰ নজৰ থাকিব৷

ইফালে, বলিঙত কিছু শুধৰণিৰ লক্ষ্যৰে দ্বিতীয় ৱার্মআপ মেচত কোহলি বাহিনী খেলপথাৰত নামিব৷ প্রথম মেচত জয়ী হ’লেও দলটোৰ বলাৰসকলে যথেষ্ট ৰান ব্যয় কৰাত ইংলেণ্ডে বৃহৎ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়৷ মহম্মদ ছামিয়ে তিনিটা উইকেট দখল কৰে যদিও যথেষ্ট ৰান ব্যয় কৰে৷ স্পিনাৰ ৰাহুল চহৰেও ইংলেণ্ডৰ বেটছমেনক প্রভাৱিত কৰিব নোৱাৰিলে৷ আনহাতে, প্রথম ৱার্মআপ মেচত নিউজিলেণ্ডক তিনি উইকেটত পৰাস্ত কৰা অষ্ট্রেলিয়াৰ তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰৰ ওপৰত সকলোৰে নজৰ থাকিব৷ প্রথমখন মেচত তেওঁ প্রথমটো বলতে আউট হৈছিল৷

Leave A Reply

Your email address will not be published.