তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
তিনিচুকীয়া সুৰক্ষা বাহিনীয়ে বুধবাৰে এক গুৰুত্বপূৰ্ণ তালাচী অভিযান চলাই দুহৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ ওচৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।
ৰে’লৱে টাস্ক ফ’ৰ্চে অসমৰ তিনিচুকীয়াত ১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লখনত চলাইছিল অভিযান।
বাতৰি অনুসৰি, দুগৰাকী মহিলাৰ পৰা ৩ কোটি টকাৰ অধিক মূল্যৰ ড্ৰাগছ থকা ৩০ টা বাকচ জব্দ কৰা হৈছে।
মহিলা দুগৰাকীয়ে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ সৰবৰাহৰ বাবে আনিছিল ড্ৰাগছখিনি।
খবৰ অনুসৰি, আৰপিএফে নতুন তিনিচুকীয়া ৰে’ল ষ্টেচনত দুয়োকে সোধা-পোছা কৰি আছে।