Local, Vocal, Global

কাকতি ফৰিং পালেহি লংকা, আতংকিত গাঁওবাসী

লংকাত কাকতি ফৰিঙৰ আতংক। এখন বাৰীত গছ-বন-ফল-মূল খাই তহিলং কৰিছে ফৰিঙৰ জাকে। নিজৰ বাৰীখন শেষ হোৱাৰ ভয়ত আতংকিত গাঁওখনৰ একাংশ।

দেশত কৰ’নাৰ ভয়াৱহতাৰ মাজতে আতংক কঢ়িয়াইছিল পূৱ আফ্ৰিকাৰ মৰু অঞ্চলৰ পৰা অহা লাখ-লাখ কাকতি ফৰিঙৰ জাকে। জাকটোৱে বিশেষকৈ দেশৰ পশ্চিম আৰু মধ্য ভাৰতত ত্ৰাসৰ সৃষ্টি কৰিছিল৷ কিন্ত জাকটোৰ প্ৰকোপৰ পৰা ইমানদিনে কোনোমতে বাচি আছিল উত্তৰ-পূৱ ভাৰত। দেশৰ এই প্ৰান্তটো ফৰিঙৰ জাকটোৱে প্ৰৱেশ কৰাৰ ধাৰণা কৰা হৈছিল যদিও সেয়া সৌভাগ্যক্ৰমে নঘটিল। শেহতীয়াকৈ, তেনেধৰণৰ প্ৰজাতিৰেই ফৰিঙৰ এটি জাকে হোজাই জিলাৰ লংকাৰ এখন গাঁৱৰ বাসিন্দাক আতংকিত কৰি তুলিছে৷ সংখ্যাৰ হিচাপত খুব কম যদিও বাৰীত দেখা দিয়া ফৰিঙৰ প্ৰজাতিটোৰ উপদ্ৰৱে শংকিত কৰিছে গাঁওখনৰ একাংশ লোকক। লংকাৰ কাকী তেলিয়াআটিৰ তৰুণ নাথ নামৰ লোকজনৰ বাৰীত দেখা গৈছে এই ফৰিঙৰ জাকটোক। যোৱা দুই/তিনিদিনৰ পৰা লোকজনৰ বাৰীত থিতাপি লোৱা জাকটোৱে বাৰীৰ কলগছৰ পৰা ধৰি বিভিন্ন শাক-পাচলিৰ পাতসমূহ খাই তহিলং কৰিছে। ছাঙতে মৰি গৈছে লাগি থকা জাতিলাউৰ গছ। এই ফৰিঙৰ জাকটোক তৰুণ নাথৰ লগতে ওচৰ-চুবুৰীয়াই কাকতি ফৰিং বুলি ক’ব বিচাৰে। ইতিমধ্যে এই প্ৰজাতিৰ ফৰিঙৰ বংশবৃদ্ধিক লৈ সংশয় প্ৰকাশ কৰিছে চুবুৰীয়াই।