Lakimpur ferry stuck in Subansiri river: ভয়ংকৰ ! সোৱাণসিৰি নদীৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী
লক্ষিমপুৰ, ১২ জুলাই : লখিমপুৰত ভয়ংকৰ ঘটনা। লখিমপুৰৰ সোৱণশিৰি নদীৰ মাজত আৱদ্ধ হৈ পৰে এখন যাত্রীবাহী ফেৰী । প্ৰচণ্ড ধুমুহা আৰু বতাহৰ বাবে নৈখনত সৃষ্টি হয় প্ৰবল ঢৌৰ যাৰ ফলত নদীৰ মাদতে আৱদ্ধ হৈ পৰে এখন যাত্ৰীবাহী নাও ।লগে লগে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ (Lakhimpur ferry stuck amid heavy storm)।
প্ৰাপ্ত তথ্য অনুসৰি, আজি অৰ্থাৎ বুধবাৰে দুপৰীয়াই লখিমপুৰ জিলাৰ ঘূণাসুতিঘাটৰ এখন যাত্ৰীবাহী ফেৰী যাত্ৰা কৰাৰ পিছতে ধুমুহাৰ সৃষ্টি হয় ফলত সোৱণশিৰি নদীৰ মাজত আৱদ্ধ হৈ পৰে ফেৰীখন ।
ঘূণাসুতিঘাটৰ পৰা লখিমপুৰ অভিমুখে আহি আছিল এই ফেৰীখন । ঘুনাসুতিৰ পৰা লখিমপুৰ অভিমুখে আহি থকা ফেৰীখন লখিমপুৰঘাট পাবলৈ কিছু দূৰত্ব বাকী থকা সময়তে প্ৰচণ্ড ধুমুহা আহে । যাৰ ফলত নৈখনত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয় আৰু ফেৰী চলাচলত ব্যাহত হৈ পৰে আৰু ফেৰীখন নদীত আৱদ্ধ হৈ পৰে(Lakimpur ferry stuck in subansiri river amid heavy storm in Lakhimpur) ।
জানিব পৰা মতে, অৰ্ধ শতাধিক যাত্রী আছিল ফেৰীখনত লগতে দুচকীয়া বাহনো আছিল উক্ত ফেৰীখনত। যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয় আৰু একাংশ যাত্ৰীয়ে ভয়তে কান্দিবলৈ ধৰে । প্ৰায় দুঘন্টা ধৰি এনে পৰিস্থিতি সন্মুখীন হোৱাৰ পাছত ঢৌৰ প্ৰকোপ শাম কাটে আৰু বিপদৰ পৰা মুক্ত হয় ফেৰীখন । ঢৌৰ প্ৰকোপ কিছু শাম কটাত সতৰ্ক তাৰে লাহে লাহে ফেৰীখন আনি লখিমপুৰঘাট পোৱাবলৈ সক্ষম হয় । এক ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে ফেৰীখনৰ যাত্রী সকলে (Lakhimpur ferry stuck amid heavy storm) ।
এই ভয়ংকৰ ঘটনাৰ পিছত একাংশ যাত্ৰীয়ে ক্ষোভেৰে কয় যে চৰকাৰে এইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ বাবে যাত্ৰীসকলে সদায় মৰণত শৰণ দি এইদৰে নৈখন পাৰাপাৰ হ’বলগীয়া হৈছে ।
লগতে পঢ়ক : Elephant menace in Jamugurihat: জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ