লক্ষ্য কোঁৱৰক ভাৰতীয় এথলেটিকছৰ উপ-সভাপতি নিৰ্বাচিত
যোৱা ২০ অক্টোৱৰত দিল্লীৰ ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ কাৰ্যালয়ত নিজৰ দক্ষতা অনুযায়ী ব্যক্তিগত শ্ৰেষ্ঠতাৰে ফেডাৰেচনৰ হ’বলগীয়া কাৰ্যনিৰ্বাহকখনৰ উপ-সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে৷ আজি ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল মতে ৫গৰাকী উপসভাপতিৰ ভিতৰত লক্ষ্য কোঁৱৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা খবৰে অসমৰ এথলেটিকছ ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ফেডাৰেচনত এনেকুৱা পদ লাভ কৰা একমাত্ৰ ব্যক্তি হিচাপে পৰিগণিত হয় লক্ষ্য কোঁৱৰ৷ সততে অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ উত্তৰণৰ কাম কৰি থকা লক্ষ্য কোঁৱৰক এই পদৰ প্ৰাপ্তিৰ জৰিয়তে অসমৰ ক্ৰীড়াৰ উন্নতিৰ হকে কাম কৰিবলৈ সুবিধা হ’ব৷ তেওঁ এই নতুন যাত্ৰাৰ জৰিয়তে অসমৰ লগতে ভাৰতীয় এথলেটিকছ ক্ষেত্ৰখন উন্নতিৰ পথত আগুৱাই যাব৷ লক্ষ্য কোঁৱৰলৈ অসম এথলেটিকছ সন্থাৰ লগতে অসমৰ ক্ৰীড়াবিদ তথা অসমৰ ক্ৰীড়াপ্ৰেমীসকলে অভিনন্দন জনাইছে৷ উল্লেখ্য যে লক্ষ্য কোঁৱৰ অসম অলিম্পিক সন্থাৰ সম্পাদকৰ পদটোত বৰ্তমানো অধিষ্ঠিত হৈ আছে৷