Local, Vocal, Global

NHPC-ৰ বান্ধৰ পৰা চৰকাৰলৈ দাবী দল-সংগঠনৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহিছে ইখনৰ পিছত সিখন গাৰ্ড ৱাল। এমাহৰ ভিতৰতে তিনিবাৰকৈ গাৰ্ড ৱাল খহি পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সোমবাৰে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় লখিমপুৰৰ তিনিটা সংগঠনৰ নেতৃত্বই।জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বই পৰিদৰ্শন কৰে প্ৰকল্প । বাৰিষা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ দুৰ্যোগৰ আশংকা কৰে সংগঠনটোৰ নেতৃত্বই। প্ৰকল্পস্থলীৰ পৰা জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী জনাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক । উল্লেখযোগ্য যে বিগত এমাহৰ পৰা বৰষুণৰ পৰিমাণ বৃদ্ধিৰ ফলত খহি পৰিছে ঠুনুকা পাহাৰৰ মাটিৰ লগতে গাৰ্ড ৱাল। কিন্তু সোৱণশিৰি নামনি অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নকৰাকৈ ভয়ংকৰ দুৰ্যোগৰ মাজতো অব্যাহত আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান কাৰ্য্য।