Local, Vocal, Global

বানৰ মাজতে লখিমপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

লখিমপুৰত  নাওবৈছাৰ ফুলবাৰীত বন্যহস্তীৰ তাণ্ডৱ । নিশা অহা এটা বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰে কৃষ্ণা অধিকাৰী নামৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহ । ফুলবাৰীৰ ভিতৰিপামত  সংগঠিত হৈছে এই ঘটনা । কথমপি প্ৰাণ ৰক্ষা গৰ্ভৱতী  মহিলাগৰাকীৰ । নিশা অহা এটা হাতীয়ে ঘৰ লণ্ডভণ্ড কৰা উপৰিও বাৰীৰ ফচল বিনষ্ট কৰে । দীৰ্ঘদিন ধৰি বন্যহস্তীৰ তাণ্ডৱে নিদ্ৰা হৰণ কৰিছে ফুলবাৰী ৰাইজৰ । বনবিভাগৰ লোক উপস্থিত হৈ ফটকা ফুটাই বনাঞ্চলত খেদি পঠাবলৈ সক্ষম হয় ।