Local, Vocal, Global

কোৱাৰেণ্টাইন চেণ্টাৰত ব্যাপক খেলিমেলি

লখিমপুৰ জিলাৰ নাওবৈছা কলেজ  কোৱাৰেণ্টাইন চেণ্টাৰত ব্যাপক অনিয়মৰ অভিযোগ । কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকে উজাৰিলে ক্ষোভ । ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত  ৰোগীৰ বিছনা আঁতৰাই নিদিয়াকৈ একেখন বিছনাতে শুবলৈ দিয়ে সুস্থ ব্যক্তিক। খাদ্য  সামগ্ৰী দিয়াৰ নামতো ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলিছে কোৱাৰেণ্টাইন হৈ থকা একাংশ লোকে । বিগত ১৭ দিনে নিশা  অন্ধকাৰত আছে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোক । কর্তৃপক্ষক বহুবাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপিত হৈছে ৷