Local, Vocal, Global

লাহদৈগড় আৰক্ষীৰ সাফল্য

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীৰ বৃহৎ সাফল্য। দেওবাৰে নিশা ছটাইৰ নিমন্ত্ৰণ নামৰ এখন ধাবাৰ সন্মুখত NL-02-Q-0370 নম্বৰ এখন চিলিণ্ডাৰভৰ্তি ট্ৰাক ৰখাই থোৱা অৱস্থাত দুষ্কৃতিকাৰীয়ে লৈ যায় বাহনখন।    চালকজনে ধাবাখনলৈ সোমাই গৈ ঘূৰি আহি ট্ৰাকখন ৰাখি থোৱা নিদিৰ্ষ্ট স্থানত দেখা নাপাই ধাবাখনৰ স্বত্বাধিকাৰীজনক অৱগত কৰে।স্বত্বাধিকাৰীজনে ঘটনাটো গম পোৱাৰ লগে লগে লাহদৈগড় আৰক্ষীক খবৰ দিয়ে। খবৰটো পোৱাৰ লগে লগে লাহদৈগড় আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ নেতৃত্বত এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু সেই অঞ্চলৰে কিছু নিলগত চিলিণ্ডাৰভৰ্তি ট্ৰাকখনৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আন এখন খালী ট্ৰাক । কিন্তু আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ নজৰৰ পৰা পলায়ন কৰে চোৰৰ দলটো। দুইখন ট্ৰাক ইতিমধ্যে লাহদৈগড় আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰাখিছে।