Local, Vocal, Global

কৰ’নাত আক্ৰান্ত কৃষক মুক্তিৰ দুই নেতা

কৰ’নাত আক্ৰান্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতা । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কৰ’নাত আক্ৰান্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল । বুধবাৰে দুয়োজনৰ SWAB টেষ্টৰ ফলাফল পজিটিভ আহে । দুয়োজনকে বুধবাৰে পুৱতি নিশা MMCHত ভৰ্তি কৰে স্বাস্থ্য বিভাগে। MyNewsNE-ৰ বিশেষ সুত্ৰে প্ৰাপ্ত তথ্য অনুসৰি হাস্পতালৰ বেডৰ অভাৱত দুই নেতাৰ আলৈ-আথানি হয় । নিশা দুয়োজনকে এম্বুলেন্সত ঘূৰাই ফুৰোৱাৰ লগতে বহু সময় MMCH-ৰ ছাদত ৰখাৰ অভিযোগ উত্থাপন কৰে । বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰক ক’ভিড পজিটিভ পোৱাৰ পিছতে অখিল গগৈৰো ক’ভিড পজিটিভ পোৱাৰ আশংকা প্ৰকট হৈছে ।  লক্ষ্যণীয়ভাৱে এতিয়াও অখিল গগৈৰ SWAB টেষ্টৰ ফলাফল অহা নাই ।