উৎসৱৰ বতৰত প্ৰাণ স্পন্দন ঘুৰি আহিছে কাজিৰঙালৈ
বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছত লাহে লাহে কাজিৰঙালৈ পৰ্যটকৰ আগমন হৈছে৷ বৰ্তমান অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটকৰ বাদে আন ৰাজ্যৰ পৰ্যটকৰ সমাগম হোৱা নাই পৰ্যটনক্ষেত্ৰ কাজিৰঙালৈ। লকডাউনৰ বাবে স্তব্ধ হৈ পৰা স্বাভাৱিক জীৱন যাত্ৰাত এইবাৰ ম্লান পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উচাহ৷ গতিকে প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজত শৰীৰ-মনৰ সতেজতা আনিবলৈ একাংশ উপস্থিত হৈছে কাজিৰঙাত ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰাৰ পিছদিনা পুৱাৰ ভাগতে কহঁৰা আৰু বাগৰি বনাঞ্চলৰ ২১খনৰো অধিক পৰ্যটকৰ জীপছী ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিছে ৷পূজাৰ মাজতে পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশা ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ আনহাতে পৰ্যটকৰ বাহনসমূহৰ চকা প্ৰৱেশদ্বাৰতে চেনিটাইজ কৰাৰ ব্যবস্থা কৰা হৈছে ৷জোখা হৈছে পৰ্যটকৰ শৰীৰৰ উত্তাপ ৷ কেৱল ভিউ পইন্তসমূহতহে পৰ্যটকৰ বাবে প্ৰসাৱগাৰৰ ব্যৱস্থা ৰখা হৈছে ৷ উদ্যান কৰ্তৃপক্ষই অহা ডিচেম্বৰ মাহৰ পৰা অধিক পৰ্যটক আগমন হোৱাৰ আশা প্ৰকাশ কৰিছে৷