কাজিৰঙাত নিৰ্মাণ হ’ব নেচাৰেল হিষ্ট’ৰিকেল মিউজিয়াম
শীঘ্ৰে কাজিৰঙাত নিৰ্মাণ হ’ব নেচাৰেল হিষ্ট’ৰিকেল মিউজিয়াম। অসমৰ প্ৰাকৃতিক সম্পদৰ লগতে মূলতঃ গঁড়ৰ খৰ্গ, হাতীৰ দাঁত আদি সংৰক্ষণ কৰা হ’ব এই সংগ্ৰহালয়ত।
উল্লেখ্যে যে শেহতীয়াকৈ গঁড়ৰ খৰ্গ দাহনৰ সময়ত ৯৪টা খৰ্গ কাজিৰঙাত নিৰ্মাণ হ’বলগীয়া সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হ’ব বুলি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংৰক্ষণৰ বাবে ৰখা খৰ্গসমূহৰ ভিতৰত নগাঁও কোষাগাৰৰ ৩.০৫ কেজি, কামৰূপৰ পৰা অনা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ খৰ্গ সংৰক্ষিত হ’ব।
কাজিৰঙালৈ অহা দেশী–বিদেশী পৰ্যটকে কাজিৰঙাৰ সম্পদসমূহ স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব এই সংগ্ৰহালয়ত।গৱেষণাৰ বাবে কাজিৰঙালৈ অহা লোকসকলো উপকৃত হ’ব এই সংগ্ৰহালয় পৰা। ইতিমধ্যে সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে বন বিভাগে।
উপযুক্ত স্থানৰ সন্ধান পালেই সংগ্ৰহালয় নিৰ্মাণৰ কাম–কাজ আৰম্ভ হ’ব বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে। আনহাতে কাজিৰঙাত এই সংগ্ৰহালয় হ’লে দেশী–বিদেশী পৰ্যটকৰ বাবে পৰ্যটনৰ আন এক সম্ভাৱনা মুকলি হ’ব বুলি আশা ব্যক্ত কৰিছে স্থানীয় লোক তথা প্ৰকৃতিপ্ৰেমীয়ে।