Local, Vocal, Global

কাজিৰঙাত কৰ’না আতংক

কাজিৰঙাত কৰ’না আতংক ৷ ১ আগষ্টত কাজিৰঙাৰ কহঁৰাৰ অৰণ্য মাৰ্কেটৰ এজন ব্যৱসায়ী কৰ’নাত আক্ৰান্ত হয়। কৰ’না  আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ৬০ জন লোকক সোমবাৰে SWAB টেষ্ট কৰাৰ পাছত পুনৰ শিশু,মহিলা সহ ১২ জন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিত ধৰা পৰে ৷ ক’ভিড আক্ৰান্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে কহঁৰা বজাৰ সমিতিয়ে নিজাববীয়াকৈ চাৰি দিনৰ বাবে কহঁৰা বজাৰ বন্ধ কৰাৰ সিন্ধান্ত গ্ৰহন কৰাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পুৱাৰ পৰা কহঁৰা বজাৰ বন্ধ হৈ পৰিছে ৷ আজি পুনৰ ১৫০ জন লোকৰ SWAB পৰীক্ষাৰ ব্যৱস্থা গ্ৰহন কৰিছে প্ৰশাসনে ৷