Local, Vocal, Global

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকর্মীৰ কাষত স্বেচ্ছাসেৱী সংগঠন

ৰাজ্যত কৰ’নাই লৈছে ভয়ংকৰ ৰূপ। আনহাতে ভয়াৱহ বানত তচনচ স্বাভাৱিক জনজীৱন। এইবৰ্ষতে তিনিবাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ভাবুকি কঢ়িয়াই আনিছে বন্যপ্ৰাণীলৈ। যাৰ বাবে প্ৰতিপলেই সষ্টম আছিল ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী। বানৰ অস্বাভাৱিক পৰিৱেশত ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তা তথা উদ্ধাৰৰ বাবে ২৪ ঘন্টাই সষ্টম থকা বনকৰ্মীসকলে যথেষ্ট কষ্ট ত্যাগ কৰি অৰ্হনিশে কাম কৰি আহিছে। কাজিৰঙাৰ অৰ্ন্তভাগত পানীৰ মাজতে থাকি বন্যজন্তুৰ নিৰাপত্তাৰ বাবে থকা বনকৰ্মীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে উত্তৰ পূৱৰ আগশাৰীৰ “ wild Woods Campers” নামৰ NGOৰ লগতে Assam Bike Ridingৰ বিষয়ববীয়াসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে বনকৰ্মীৰ মাজত। সাম্প্ৰতিক কৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক, ছেনিটাইজাৰ আদিও বিতৰণ কৰে। ইয়াৰোপৰি উদ্যানখনৰ অৰ্ন্তভাগত থকা বনকৰ্মীসকলক পৰিচালনাৰ দায়িত্ব থকা প্ৰতিজন বিষয়াক যোগাযোগৰ বাবে একোটাকৈ WiFi ছেট প্ৰদান কৰে। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ তত্বাৱধানত অনুষ্ঠিত হয় এই কাৰ্যসূচী৷ উপস্থিত থাকে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিচালক শিৱ কুমাৰ, বুঢ়াপাহাৰ বনাঞ্চলৰ DFO ৰমেশ গগৈ, কলিয়াবৰ মহকুমাধিপতি বিতোপন নেওগৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিষয়াসকল।