Local, Vocal, Global

কাজিৰঙাত ভয়ংকৰ অঘটন, ৰাজপথত জ্বলিল ট্ৰাক

সোমবাৰে নিশা কাজিৰঙাত ভয়ংকৰ অঘটন। কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দপদপাকৈ জ্বলি উঠিল এখন ট্ৰাক।হাতীখুলি চাহবাগিছাৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷ মধ্য প্ৰদেশৰ পৰা তিনিচুকীয়া অভিমুখে চিমেণ্ট কঢ়িয়াই অনা ট্ৰাক এখন হঠাতে জ্বলি উঠে ৷ অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জুই। বৈদুতিক বিজুতিৰ ফলতে ট্ৰাকখন জ্বলি উঠাৰ সন্দেহ প্ৰকাশ কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও অগ্নিনিৰ্বাপকৰ বাহন পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে। ফলত একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ অগ্নিকাণ্ডত ট্ৰাকখন প্ৰায় ভস্মীভূত হৈ পৰে যদিও সৌভাগ্যক্ৰমে ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ প্ৰাণ ৰক্ষা পৰে ৷