Local, Vocal, Global

কৰিমগঞ্জৰ সদৰ চক্ৰ কাৰ্য্যলয়ত চলি আছে ঘোচ লোৱাৰ খেল

ডিজিটেল ডেস্ক:- বিতৰ্কয় যেন লগ এড়িব বিচৰা নাই কৰিমগঞ্জ সদৰ চাৰ্কেল অফিছক । মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপৰ পাছতো কাৰ্যালয়টোত চলি আছে অবাধে ঘোচ লোৱাৰ খেল । বিগত ৯ মাহ পূৰ্বে মুখ্যমন্ত্ৰীৰ দূৰ্ণীতি নিবাৰক শাখাৰ কৰ্মীয়ে এগৰাকি লাট মণ্ডলৰ হাত ডাঙি তোলাৰ পাছত যোৱা ১৫ দিন পূৰ্বে ঘোচ লোৱাৰ অভিযোগ পাই আন এগৰাকি লাট মণ্ডলক কাৰ্যালয়টোৰ পৰা শাস্তিমুলক বদলি কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত স্থানান্তৰিত কৰা হয় । ইয়াৰ মাজতেই পুনৰ উত্তপ্ত হৈ উঠিল কৰিমগঞ্জ সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয় । মঙ্গলবাৰ বিয়লি কাৰ্যালয়টোৰ দুগৰাকি কৰ্মীয়ে পৃথক পৃথক দুগৰাকিৰ পৰা ঘোচ লোৱাৰ অভিযোগত উত্তপ্ত হৈ কাৰ্যালয় চৌহদ । চক্ৰ বিষয়াৰ পৰা তদন্তৰ আশ্বাস পাই পৰিস্থিতিৰ সাম কাটে ।

আকদ্দছ আলিৰ অভিযোগ, বিগত এটা বছৰ ধৰি তেঁও নিজৰ মাটিখিনি নামজাৰি কৰাব পাৰা নাই । লাট মণ্ডল নিৰেন্দ্ৰ পাঠকে বহু দিন অতিবাহিত কৰি হাৰুন নামৰ এগৰাকি দালালৰ সৈতে লগ ধৰাই দিয়ে । হাৰুনে নামজাৰিৰ বাৱে ২০ হেজাৰ দাবি কৰিলে তেঁও বাধ্য হৈ ১৫ হেজাৰ টকা দিয়ে । বাকি টকা কাম শেষ হোৱাৰ পাছত দিয়াৰ কথা । কিন্তু আজিলৈকে নামজাৰিও হোৱা নাই আনকি তেঁওৰ দলীলখনো উভতাই দিয়া নাই বুলি অভিযোগ কৰে ।

আনফালে ৰাম কুমাৰ নমসুদ্ৰৰ অভিযোগ কাৰ্যালয়ৰ বড়বাবুৰ উপৰত । ৰাম কুমাৰৰ মতে, বড়বাবু বিমল নাথে খাজনাৰ ৰচিদ আৰু মাটিৰ মূল্যায়ন দিবলৈ বহুদিন ধৰি বিলম্ব কৰি আছিল । কিন্তু তেঁওৰ এগৰাকি আত্মীয় জেলত থকাৰ বাৱে জামিল লোৱাত এনে কাকত বহু দৰকাৰি হৈ পড়িছিল । যাৰ বাৱে সোনকালে কাকতকেইটা ওলুৱাৰ বাৱে ৫ টকাৰ খাজনা চালানৰ বাৱে ৫০০ টকা আৰু মুল্যায়নৰ কাককতৰ বাৱে আৰু ৫০০ টকা দিবলগা হৈছিল । কিন্তু ইয়াৰ পাছতো কাম কৰি দিয়া নাছিল । এয়া লৈ তেঁও আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হৈছিল । পিছে আৰক্ষী আৰু আন নেতাৰ মধ্যস্থতাত কাকতকেইটা উদ্ধাৰ কৰে ।

এনে ঘটনা লৈ ভূক্তভোগী দুগৰাকিয়ে মংঙ্গলবাৰ বিয়লিভাগত কৰিমগঞ্জ সদৰ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত সাংবাদিকৰ সম্মুখত ব্যাপক ক্ষোভ প্ৰকাশ কৰে । পিছে সাংবাদিকৰ সহায়তাত চক্ৰ আধিকাৰিকৰ সৈতে মিলিত হৈ অভিযোগ জনায় । চক্ৰ আধিকাৰিকে দুয়ো গৰাকি কৰ্মচাৰিক মাতি নি ঘটনাৰ বুজ লয় ।

এনে ঘটনা লৈ যদিও চক্ৰ আধিকাৰিক গৰাকিয়ে কাৰ্যালয়ৰ বেলেগ ছিনিয়ৰ কৰ্মচাৰিক লৈ তদন্ত কৰিব বুলি আশ্বাস দিয়ে তথাপি মুল কথাটো হৈছে কাৰ্যালয়ৰ কৰ্মীয়ে একে কাৰ্যালয়ৰ কৰ্মীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সত্যতা কিমান যাচাই কৰিব পাৰিব । ইয়াতকৈ ডাঙৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপৰ পাছত হাৰুন সকলৰ দৰে দালালে এটি চৰকাৰি কাৰ্যালয়ত কেনেদৰে আধিপত্য দেখাবলৈ পায় । কাৰ্যালয়ৰ কোনও কৰ্মচাৰি বা আধিকাৰিৰ সৈতে সম্পৰ্ক অবিহনে এয়া সম্ভব নে ।