Local, Vocal, Global

কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা,১৫ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ২জনক !

ডিজিটেল ডেস্ক:- কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা। ১৫ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুইজন সৰবৰাহকাৰীক।কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেটাৰবন্দ এলাকাৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰে । নৱ নিযুক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত ৰাতাবাৰী আৰক্ষীয়ে মিজোৰামৰ পৰা অহা এখন বাহনত (AS/11/EC/2082)মালবাহী গাড়িৰ পৰা তালাচী চলাই গোপন চেম্বাৰৰ পৰা ১২১ টাকৈ চাবোনৰ বাকছ ভৰ্তি হেৰোইন উদ্ধাৰ কৰিব লৈ সক্ষম হয়। উদ্ধাৰ কৰা হিৰোইন খিনিৰ ওজন এককিলো ৫০০ গ্ৰাম বুলি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজন জন হ’ল আব্দুল কালাম, সাজু আহমেদ । বৰ্তমানে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।