Local, Vocal, Global

কভিড-১৯ক লৈ কাৰ্বি পাহাৰত ল’ৰা-ধেমালি, পজিতিভ লোকে ব্যৱহাৰ কৰা কাপোৰ- কানিকে দিয়া হৈছে কোৱাৰেইণ্টাইন শিবিৰৰ আবাসীক

*কভিড ১৯ পভিটিভ লোকে ব্যৱহাৰ কৰা কাপোৰ-কানি, আচবাবকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে কোৱাৰেণ্টাইন শিবিৰৰ আৱাসীয়ে ।
*২০ দিনৰ অন্ততহে সংগ্ৰহ কৰা হ’ল কোৱাৰেণ্টাইনত থকা একাংশ লোকৰ নমুনা।
*পূৰ্বে সংগ্ৰহ কৰা নমুনাৰো ওলোৱা নাই পৰীক্ষাৰ ফলাফল

সমগ্ৰ দেশৰ লগতে অসমতো কৰ’না সৃষ্ট পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। পাৰ্বত্য জিলা কাৰ্বি আংলঙতো কৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে শতকৰ ঘৰ। মৃত্যু হৈছে এজন কৰ’না আক্ৰান্তৰ। পিছে ইমানৰ পিছতো যেন গা লৰা নাই কাৰ্বি আংলং জিলাৰ স্বাস্থ্য বিভাগৰ। বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত দেখা দিয়া বিশৃংখল পৰিস্থিতিয়ে বিভাগটোৰ স্বৰূপ কাৰ্যতঃ উদঙাই দিছে। কৰবাত যদি সময় অনুসৰি খাদ্য পোৱা নাই, কৰবাত আকৌ ২০দিন পৰ্যন্ত নমুনা সংগ্ৰহ কৰিবলৈও উপস্থিত হোৱা নাই স্বাস্থ্য কৰ্মী। কিন্তু ইয়াতকৈয়ো মাৰাত্মক আৰু ভয়ংকৰ কথা যে ইতিপূৰ্বে ফেচিলিটি কোৱাৰেণ্টাইনত থাকি কৰোনাত আক্ৰান্ত হোৱা লোকৰ কানি-কাপোৰ আৰু আচবাব পত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰৰ আৱাসী সকলে। এনে অভিযোগ উত্থাপন হৈছে ডিফু-লামডিং পথৰ ১২কিলোত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰটোত। কেন্দ্ৰটোত বৰ্তমানে থকা ৯৪জন লোকৰ কিছু সংখ্যকৰ নমুনা সংগ্ৰহ কৰি ৪-৫দিনৰ ভিতৰতে ঘৰলৈ যাব অনুমতি প্ৰদান কৰাৰ বিপৰীতে আন একাংশক আকৌ ২০ দিন উকলি যোৱাৰ পিছতো ঘৰলৈ যাব দিয়া হোৱা নাই। ২০দিনৰ অন্ততহে কেন্দ্ৰটোৰ ১৮জন লোকৰ আজি নমুনা সংগ্ৰহ কৰা হয়। আনহাতে পূৰ্বে সংগ্ৰহ কৰা আনসকলৰ নমুনা পৰীক্ষাৰ ফলাফলো আজিপৰ্যন্ত লাভ কৰা নাই কেন্দ্ৰটোৰ আৱাসীসকলে। উল্লেখযোগ্য যে কেন্দ্ৰটোৰ পৰা ৫জনকৈ লোকৰ শৰীৰত ক’ভিড ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পিছতো কেন্দ্ৰটোৰ আৱাসীসকলৰ প্ৰতি স্বাস্থ্য বিভাগে কোনোধৰণৰ যত্ন নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। বিভাগটোৱে প্ৰয়োজনীয় চাবোন-ছেনিটাইজাৰৰো যোগান নধৰাৰ অভিযোগ আৱাসীসকলৰ। কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ চৌহদৰ অপৰিস্কাৰ পৰিৱেশক লৈয়ো শংকিত হৈ পৰিছে আৱাসীসকল। ২০ দিন পৰ্যন্ত কেন্দ্ৰটোত আৱদ্ধ হৈ থকা লোকসকলক ঘৰলৈ যাবলৈ দিয়া -নিদিয়াৰ সন্দৰ্ভতো স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে গা এৰা দিয়া মনোভাৱ প্ৰদৰ্শন কৰাৰ অভিযোগ আনি আজি কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৱাসীসকলে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাই নহয়, পাৰ্বত্য জিলাখনত কৰ’না কেন্দ্ৰীক পৰিস্থিতি যি কোনো মুহূৰ্ততে ভয়াবহ হৈ উঠাৰ আশংকাৰ উদয় হৈছে।