হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি
সকলোৰে মাজত জনপ্ৰিয় কৌতুক অভিনেতা কপিল শৰ্মাক বহু দিনৰ বিৰতিৰ পাছত সোমবাৰে গধূলি বিমানবন্দত দেখা পোৱা গল হুইল চেয়াৰত বহি থকা অৱস্থাত । হঠাৎ এনে অৱস্থাত কপিল শৰ্মাক দেখি অনুৰাগী সকলে অত্যন্ত আচৰিত আৰু চিন্তিত হৈ পৰে । কিন্তু এই বিষয়ে অনুৰাগী সকলে সুধিব বিচৰাত কপিল শৰ্মাই বেয়া মাত-কথাৰে সন্মুখত থকা লোকসকলক আঁতৰাই পঠিয়াই । বৰ্তমান কপিল শৰ্মাক কিয় হুইল চেয়াৰত সেয়া এক ৰহস্য । উল্লেখ্য যে কিছু দিনৰ পূৰ্বৰে পৰা কৌতুক অভিনেতাজনে হোষ্ট কৰি থকা ‘দ্যা কঁপিল শৰ্মা শ্ব’ নামৰ টিভি শ্ব’টো বন্ধ হৈ আছিল ।আনহাতে কপিল শৰ্মাৰ অনুৰাগীসকলে জনপ্ৰিয় শ্ব’ দ্যা কঁপিল শৰ্মা শ্ব’ বন্ধ হৈ থকাত আশংকা প্ৰকাশ কৰিছে যে হয়তো কপিল আঘাতপ্ৰাপ্ত হৈ থকা বাবে শ্ব্’ বন্ধ হৈ আছে৷ উল্লেখ্য যে শেহতীয়াকৈ ভাৰতী সিঙে এটি সাক্ষাৎকাৰত কপিল শৰ্মাৰ টিভি শ্ব’ সন্দৰ্ভত জনাই যে , তেওঁলোক বৰ্তমান বিৰতিত আছে । আৰু বিৰতিৰ পাছত তেওঁলোক আহিব কিছুমান নতুন কনটেণ্ট লৈ৷
কিছুদিনৰ পূৰ্বে কপিল শৰ্মাৰ এটি কন্যা সন্তান জন্ম হয় । এতিয়া কপিল এটি মৰমলগা পুত্ৰ আৰু এটি কন্যা সন্তানৰ পিতৃ ।