Local, Vocal, Global

কংগনা ৰানাৱটে বলিউড ইণ্ডাষ্ট্ৰীলৈ অহা বাহিৰৰ লোকসকলৰ পক্ষত কি ক’লে মন্ত্ৰী প্ৰকাশ জাভেদকাৰক ?

বহু চৰ্চিত বলিউড অভিনেত্ৰী কংগনা ৰানাৱটে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰক সাক্ষাৎ কৰে । সাক্ষাতৰ উদ্দেশ্য প্ৰকাশ কৰি কংগনাই টুইটাৰত এটি বিশেষ টুইট কৰে । আৰু উল্লেখ কৰে যে মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেদকাৰৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত বাৰ্তালাপ কৰাৰ লগতে বিশেষকৈ বলিউড ইণ্ডাষ্ট্ৰীটোত মহিলা আৰু ইণ্ডাষ্ট্ৰীটোলৈ বুলি কামৰ আশাৰে অহা বাহিৰৰ লোকসকলৰ বিৰুদ্ধে হোৱা পক্ষপাতিত্বৰ বিষয়টি মন্ত্ৰী গৰাকীৰ আগত উত্থাপন কৰে । তাৰোপৰি বলিউড অভিনেত্ৰী গৰাকীয়ে সাক্ষাতৰ এই সুযোগটো পাই ধন্য হৈছে বুলি প্ৰকাশ কৰে ।