Local, Vocal, Global

বংশৰৰ শিক্ষাবিদ কনক দাসৰ ৩খন গ্ৰন্থ উন্মোচন

অসমত এসময়ত যিবোৰ বুৰঞ্জী ৰচনা কৰা হৈছিল সেইবোৰ আছিল ৰজা মহাৰজাৰ বুৰঞ্জী । অসমৰ গাওঁসমূহৰ লগত সংযুক্ত হৈ থকা ইতিহাস, জনশ্ৰুতিসমূহক এই বুৰঞ্জীয়ে ঢুকি পোৱা নাই । প্ৰকৃতাৰ্থত অসমৰ জাতীয় ইতিহাসৰ শাহটো গাৱঁতহে পোৱা যায়। অসমত থকা প্ৰায় ২৫ হাজাৰ গাওসমূহৰ ইতিহাস আৰু ঐতিহাসিক সম্পদৰাজিক
বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি ৰচনা কৰা ইতিহাসখনহে হ’ব পাৰে অসমৰ সম্পূৰ্ণ বুৰঞ্জী । অসম সাহিত্য সভাই ইয়াৰ দ্বায়িত্ব গ্ৰহণ কৰি অসমৰ প্ৰতিখন গাঁৱৰ ইতিহাস সম্বলিত এখন বুৰঞ্জী প্ৰস্তুত কৰি উলিয়ালে এইখন হ’ব নৱ প্ৰজন্মৰ বাবে এক বিশেষ সমল পুথি।

এই মন্তব্য দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্যিক পৰেশ বৈশ্যৰ । আজি কামৰূপ জিলাৰ অন্যতম কৃষিগ্ৰাম বংশৰৰ শিক্ষাবিদ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনক দাসৰ “আমাৰ গাঁও” নামৰ গ্ৰন্থখন উন্মোচন কৰি তেওঁ যুৱ প্ৰজন্মক গ্ৰামাঞ্চলৰ সকলো দিশৰ ওপৰত গভীৰ অধ্যয়ন কৰি গাঁওসমূহত ঘটা ঘটনা-পৰিঘটনাসমূহৰ ইতিবাচক কথাবোৰ কিতাপত প্ৰকাশ কৰি নতুন প্ৰজন্মৰ বাবে এৰি গ’লে সি এদিন গাঁওখনৰ বাবে ইতিহাস হ’ব বুলি দোহাৰে । বংশৰৰ ৰিভাৰ ডিংগল ৰিজ’ৰ্টত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভা সঞ্চালনা কৰে কটন বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ নুৰুল ইছলাম শইকীয়াই।

পূৱ বংশৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ধ্ৰবজ্যোতি মালাকাৰে উদ্দেশ্য বাখ্যা কৰা উক্ত গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰে প্ৰাক্তন বেংক বিষয়া ৰবীন পাঠকে । সভাত শিক্ষাবিদ কনক দাসে লিখা আন দুখন গ্ৰন্থ “সোঁৱৰণী সুধা” আৰু “অমৃত পৰশ” উন্মোচন কৰে ক্ৰমে বিশিষ্ট সাহিত্যিক লেখক শংকৰ শইকীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ দীনেশ কাকতিয়ে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট কবি শংকৰ শইকীয়াই গ্ৰন্থৰ জৰিয়তে মানুহে নতুন জীৱন লাভ কৰে বুলি উল্লেখ কৰি তাড়নাই বৃদ্ধ মানুহকো তৰুণলৈ সৃষ্টি কৰে। অসমীয়া মানুহে অসমীয়া কিতাপ কিনি নপঢ়ে বুলি আক্ষেপ কৰি তেওঁ কয় যে জাতিটোক জীয়াই ৰাখিবলৈ হ’লে প্ৰতিগৰাকী অসমীয়াই মাহত ক’মেও ৫০০ টকাৰ অসমীয়া গ্ৰন্থ ক্ৰয় কৰাটো আৱশ্যক ।

ডঃ দীনেশ কাকতিয়ে জ্যেষ্ঠসকলক গাঁওখনৰ জীৱনপঞ্জীসমূহ হয় কিতাপ আকাৰে নহয় প্ৰৱন্ধ হিচাবে লিখি হলেও নতুন প্ৰজন্মক গাঁওখনৰ ইতিহাসসমূহ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায় । বিশিষ্ট শিল্পী কৰিস্মা দাসে দুটি আকৰ্ষণীয় গীত পৰিৱেশন কৰা উক্ত সভাত কনক দাসে এক অন্তৰঙ্গ আলাপত মিলিত হৈ কিছু সময়ৰ বাবে নষ্টালজিক হৈ পৰে । অন্তৰঙ্গ আলাপৰ আঁত ধৰে অধ্যাপক ডঃ ধ্ৰৱজ্যোতি মালাকাৰে । সমজুৱাৰ বক্তব্যত কেইবাজনো বক্তাই কনক দাসৰ এই প্ৰচেষ্টাক অভিনন্দন জনায় আৰু একেলগে একেদিনাই নিজে লিখি উলিওৱা তিনিখন গ্ৰন্থ উন্মোচন কৰি বৃহত্তৰ বংশৰ অঞ্চলত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় হৰ্ষবৰ্ধন কাশ্যপে।