Local, Vocal, Global

আড্ডাস্থলীত উপস্থিত আৰক্ষী, তাৰ পিছত কি হ’ল?

কামপুৰ তেতেলিসৰাত অঘটন। নিশাৰী নদীৰ পাৰত শনিবাৰে নিশা আড্ডা দি আছিল ৫জনকৈ যুৱকে। কিন্তু তেনে সময়তে উক্তস্থানত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ উপস্থিতি দেখি যুৱক কেইজনে জাঁপ দিয়ে নিশাৰী নদীত। উল্লেখ্য যে নদীত জাঁপ দিয়া দেৱাশীষ দাস নামৰ যুৱকজন বৰ্তমানেও সন্ধানহীন। নিৰুদিষ্ট হোৱা দেৱাশীষ দাস চি আই এচ এফৰ জোৱান আছিল।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীয়ে মন্দিৰৰ ভিতৰতে যুৱক কেইজনক মাৰপিট কৰে। আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে। আনহাতে কামপুৰ থানাৰ এজন আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে।

বৰ্তমান নিশাৰী নদীত SDRF আৰু NDRF আৰম্ভ কৰিছে সন্ধান অভিযান। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা।