Local, Vocal, Global

কামৰূপৰ দগাঁৱত ‘আত্মনিৰ্ভৰশীল কমলপুৰ উন্নয়নৰ আৰু এটি খোঁজ’ শীৰ্ষক অনুষ্ঠান

উৎপাদনমুখী কাৰ্যত ব্ৰতী হৈ অসমীয়া যুৱক-যুৱতীয়ে নিয়ন্ত্ৰণ কৰিব লাগিব ৰাজ্যৰ বজাৰঃ মনোজ শইকীয়া

দগাঁৱত আত্মনিৰ্ভৰশীল কমলপুৰ উন্নয়ণৰ আৰু এটি খোঁজ শীৰ্ষক অনুষ্ঠান

বহি:ৰাজ্যৰ পৰা উভতি অহা অসমীয়া যুৱক-যুৱতীসকল উৎপাদনমুখী কাৰ্যত ব্ৰতী হৈ আত্মানিৰ্ভৰশীল হৈ থিয় দিয়াৰ এয়া সুবৰ্ণসময়। কৃষিৰ পৰা আৰম্ভ কৰি পশুপালনলৈ প্ৰতিটো ক্ষেত্ৰতে বৰ্তমান সুন্দৰ সম্ভাৱনা জকমকাই আছে। এনে সুন্দৰ সুযোগ প্ৰতিগৰাকী কৰ্মসন্ধানী  অসমীয়া যুৱক-যুৱতীয়ে গ্ৰহণ কৰি ৰাজ্যৰ বজাৰ হাতৰ মুঠিত আনিব পাৰে। আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত দগাঁৱত এই মন্তব্য কৰে অসম পশু ধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।

দগাঁৱত অনুষ্ঠিত হোৱা আত্মনিৰ্ভৰশীল কমলপুৰ উন্নয়ণৰ আৰু এটি খোঁজ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি অগপ নেতাগৰাকীয়ে উদ্যমী যুৱক-যুৱতীসকলক পশুধন নিগমৰ তৰফৰ পৰা সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও মন্তব্য কৰে। অধ্যক্ষগৰাকীয়ে ‘পথাৰো আমাৰ বজাৰো আমাৰ’ অসম পশুধন নিগমৰ আত্মনিৰ্ভৰশীল অসমৰ বাবে এক বিশেষ কাৰ্যসূচী বুলিও সদৰি কৰে। ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই বিশেষ কাৰ্যসূচীয়ে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও তেওঁ আশা ব্যক্ত কৰে। অনুষ্ঠানত উপস্থিত থাকি কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই  চৰকাৰী আঁচনিসমূহৰ সুবিধা যুৱক-যুৱতীসকলে কিদৰে ল’ব পাৰে সেই বাটসমূহ দেখুৱাই দিয়াৰ বাবেই এই কাৰ্য্যসূচী লোৱা হৈছে বুলি মন্তব্য কৰে৷ এই আঁচনিসমূহৰ বাবে অসমৰ যুৱক-যুৱতীসকল আগবাঢ়ি আহিব লাগিব আৰু আঁচনিসমূহ ৰূপায়ণৰ বাবে যুৱক-যুৱতীসকল আগবাঢ়ি আহিলে ৰাজ্যখন অৰ্থনৈতিকভাৱে স্বাবলম্বী হ’ব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। স্থানীয় ব্যৱসায়ীয়ে উৎপাদন কৰা সামগ্ৰীৰ উচিত মূল্য নাপাই বুলি সাংবাদিকে সোধা এক  প্ৰশ্নৰ উত্তৰত অধ্যক্ষ মনোজ শইকীয়াই কয়- যেতিয়ালৈকে বহিঃৰাজ্যৰ পৰা সামগ্ৰী আমদানি কৰা বন্ধ নহয় তেতিয়ালৈকে এই সমস্যা চলি থাকিব। বহিঃৰাজ্যৰ পৰা ব্যপক হাৰত সামগ্ৰী আমদানি হোৱাৰ ফলত বজাৰখন অনিয়ন্ত্ৰিত হয়।  অসমত যেতিয়া উৎপাদন বৃদ্ধি হ’ব তেতিয়া বজাৰখন নিয়ন্ত্ৰিত হ’ব বুলিও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে। অনুষ্ঠানত পশু চিকিৎসা বিষয়া দণ্ডেশ্বৰ ডেকাকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।