Local, Vocal, Global

ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা

ৰাজ্যত ক্ৰমাৎ নিৰাপত্তাহীনতাত ভুগিছে নেকি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত সংবাদকৰ্মী? ভিন্ন সময়ত প্ৰায়ে সংঘটিত হৈ আহিছে সাংবাদিকক আক্ৰমণৰ ঘটনা৷ ধুবুৰীৰ গৌৰীপুৰ, তিনিচুকীয়াৰ পিছত এইবাৰ লংকাত সাংবাদিকক আক্ৰমণৰ ঘটনা৷ পশ্চিম কাৰ্বি আংলঙৰ এটা ব্যক্তিগত টিভি চেনেলৰ সাংবাদিকক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ৷ কনক দেউৰী নামৰ সাংবাদিকজনক আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ৷ AS01DX-3230 নম্বৰ বাহনত অহা দুৰ্বৃত্তৰ দলটোৱে পূৰ্ব পৰিকল্পিতভাৱে আক্ৰমণ কৰে সাংবাদিকজনক৷ দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকৰ বাহনৰ দিশে লক্ষ্য কৰি নিক্ষেপ কৰে শিলগুটি৷ ফলত তীব্ৰবেগেৰে গৈ থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়৷ ঘটনাত দৈৱক্ৰমে কথমপি প্ৰাণৰক্ষা পৰে সাংবাদিকজনৰ৷ উল্লেখ্য যে উদালী আৰক্ষী পহৰা চকীৰ মাত্ৰ ৫০০ মিটাৰ নিলগত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো৷ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত৷