Local, Vocal, Global

Watch | Jamugurihat ice-cream factory: জামুগুৰিহটৰ ইটাখোলা কেন্দ্ৰত আইচক্ৰীম ফেক্টৰী স্থাপন

জামুগুৰিহাট : জামগুৰিহাটৰ ইটাখোলাৰ এজন শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী চাকৰিৰ আশা পৰিত্যাগ কৰি সাচতীয়া ধনেৰে স্হাপন কৰা ক্ষুদ্ৰ ICE CREAM উদ্যোগৰ জৰিয়তেই স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে ৷

পৰমেশ চাহু নামৰ শিক্ষিত নিবনুৱা যুৱক জনে ইটাখোলা কেন্দ্ৰত স্হাপন কৰা এই আইচক্ৰীম ফেক্টৰীয়ে অঞ্চলটোৰ ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷ বিশিষ্ট সমাজকৰ্মী পৰশুৰাম চাহুৰ পুত্ৰ পৰমেশ‌ চাহু নামৰ শিক্ষিত নিবনুৱা যুৱক জনে ARAM ICE CREAM নামৰ সৰুকৈ আৰম্ভ কৰা এই বৰফ উদ্যোগটোৰ জৰিয়তে স্বনিৰ্ভৰশীলতা নিদৰ্শন দাঙি ধৰিছে ৷

লগতে আন আঠ গৰাকী নিবনুৱা যুৱক যুৱতীকো কৰ্ম্ম সংস্হাপন দি পৰিয়াল ভৰনপোষনৰ পথ মুকলি কৰি দিয়া পৰিলক্ষিত হৈছে৷ সম্প্ৰতি ARAM ICE CREAM উদ্যোগৰ জৰিয়তে উৎপাদিত ICE CREAM সমুহৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ৷

ইটাখোলাৰ পৰা ধৰি অৰুণাচলৰ চিজুচা , বিশ্বনাথ চাৰিআলি আৰু তেজপুৰ লৈকে এই উন্নত মানৰ ICE CREAM পঠাই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ARAM ICE CREAM উদ্যোগত প্ৰায় ১৫ বিধ আইচ ক্ৰিম তৈয়াৰ কৰা হয় বুলি জনাইছে যুৱ উদ্যোগী পৰমেশ চাহুৱে ৷