Local, Vocal, Global

৫০/৬০ কিলোমিটাৰ দৈনিক মটৰ চাইকেল চলাই অৰ্থ উপাৰ্জনত ব্যস্ত লিজা ভূঞাঁ

মহিলা যুৱতীৰ আদৰ্শৰ প্ৰতীক জামুগুৰিহাটৰ পাচি গাৱঁৰ লিজা ভূঞাঁ ৷ ৫০/৬০ কিলোমিটাৰ দৈনিক মটৰ চাইকেল চলাই অৰ্থ উপাৰ্জনত ব্যস্ত কলেজীয়া ছাত্ৰী ৷

সমাজত কামৰ কোনো লাজ নাই ৷ সৰু কাম  বুলিও কোনো কথা  নাই ৷ মাথো  মনত লাগে অফুৰন্ত শক্তি সাহস ৷ এই শক্তি সাহসৰ জৰিয়তে পৃথিৱী যিকোনো কাম সহজ কৰি লব পাৰি ৷ আৰু তাকেই যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঁচি গাঁৱৰ  লিজা ভূঞাঁই ৷ আৰ্থিক দূৰ্ব্বলতাক নেওছি এতিয়া পূৱাই এখন মটৰ চাইকেলত গাৱেঁ গাৱেঁ  অন লাইনৰ সামগ্ৰী বিক্ৰী কৰি ফুৰি ৰাইজৰ মন জয় কৰিছে এই গৰাকী কলেজীয়া ছাত্ৰী  লিজা ভূঞাঁই ৷

কুৰি বছৰীয়া এই গৰাকী ছাত্ৰীয়ে এতিয়া পঢ়া শুনাৰ মাজেদিয়েই যেন হাঁহি হাঁহি  জীৱন সংগ্ৰামত জপিয়াই পৰিছে ৷  দৈনিত ৫০/৬০ কিলোমিটাৰ মটৰ চাইকেল চলাই বিশ্বনাথ চাৰিআলি আৰু জামুগুৰিহাটৰ বিভিন্ন গাওঁলৈ গৈ বিক্ৰী কৰি ফুৰিছে অনলাইনৰ সামগ্ৰী ৷ শোচনীয় অৰ্থনৈতিক অৱস্থাৰ বাৱেই নিজৰ পঢ়া শুনাকে ধৰি সকলো ধৰণৰ খৰছ নিজে উলিয়াবলৈকে এক দূঃসাহসিক বৃত্তিত জড়িত হৈ পৰিছে লিজা ভূঞাঁ ৷

জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষণ্মাষিকৰ ছাত্ৰী লিজা ভূঞাঁৰ এই সাহসিকতাক এতিয়া সকলোৱেই প্ৰশংসা কৰিছে ৷ অঞ্চলটোৰ দহগৰাকী মহিলা যুৱতীৰ বাৱে এতিয়া আদৰ্শৰ প্ৰতীক হৈ পৰিছে লিজা ৷ জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰত এখন সৰু চাহৰ দোকানৰে পৰিয়াল পোহ পাল দি অহা পিতৃক সকাহ দিয়াৰ উদ্দেশ্যৰেই লিজাই এই কাম কৰি গৌৰববোধ কৰা বুলি মন্তৱ্য কৰে লিজা ভূঞাঁই ৷