Local, Vocal, Global

ভূ-স্বর্গত মাটি ওলাইছে

এতিয়াৰে পৰা জম্মু-কাশ্মীৰত যিকোনো লোকে ক্ৰয় কৰিব পাৰিব মাটি৷ মোদী চৰকাৰৰ গুৰুত্বপূর্ণ সিদ্ধান্ত৷।মঙলবাৰে গৃহমন্ত্ৰণালয়ে এইমর্মে জাৰি কৰিছে এক অধিসুচনা। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিংৰ বক্তব্য, ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ উন্নয়নৰ স্বার্থত প্ৰয়োজন বিনিয়োগৰ৷ৰাজ্যখনৰ ভূমি সম্পদৰ ওপৰত ঔদ্যোগিক বিনিময়ৰ স্বার্থত জম্মু-কাশ্মীৰৰ বাদেও অন্য ৰাজ্যৰ লোক তথা প্ৰতিষ্ঠানে ভূমি ক্ৰয় কৰি ঔদ্যোগিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ প্ৰয়োজন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সিদ্ধান্ত মতে জম্মু­-কাশ্মীৰৰ পুনৰ গঠন অধীনিয়মৰ অধীনত ভাৰতীয় যিকোনো লোকেই জম্মু-কাশ্মীৰত গৃহ বা ব্যৱসায়ৰ বাবে মাটি ক্ৰয় কৰিব পাৰিব৷ কিন্তু এই নতুন ভূমি আইনৰ আওতাৰ বাহিৰত ৰখা হ’ব কৃষিভূমি। উল্লেখযোগ্য যে বিগত বছৰত জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছিল৷ ইয়াৰ পিছতেই যোৱা বছৰৰ ৩১ অক্টোবৰত জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল। এতিয়া জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ প্ৰথম বর্ষপুতিৰ ক্ষণত ৰাজ্যখনত এই নতুন ভূমি আইন প্ৰৱর্তনৰ যো-যা চলিছে।