Local, Vocal, Global

আনলক-১ৰ প্ৰথম দিনাই জালুকবাৰীত ভয়ানক দৃশ্য

৩ সপ্তাহজোৰা লকডাউনৰ অন্তত আজিৰে পৰাই গুৱাহাটীত আনলক ১। কিন্তুৰ আনলক-১ৰ প্ৰথম দিনাই জালুকবাৰীত ভয়ানক দৃশ্য। মহানগৰৰ প্ৰশাসনৰ সকলো নিৰ্দেশনা ভেঙুচালি কৰি পথত চলিছে শ শ ব্যক্তিগত বাহন।  অভাৱনীয় যান-জঁটৰ সৃষ্টি জালুকবাৰীত। কামৰূপ-নলবাৰী-বৰপেটা-ওদালগুৰি-তেজপুৰ দিশৰ পৰাই গুৱাহাটীলৈ প্ৰৱেশ কৰা পথত সৃষ্টি হৈছে অভাৱনীয় যান-জঁটৰ।