জালুকবাৰী সমষ্টিত কংগ্ৰেছে লাভ কৰিলে বিশেষ আৰ্শীবাদ, অসমত কংগ্ৰেছৰ আহিব ভাল দিন

ডিজিটেল ডেস্কঃ ছয় জনগোষ্ঠীৰ বন্ধৰ বাবে প্ৰদেশ কংগ্ৰেছে কেইটামান ঘণ্টাৰ বাবে স্থগিত ৰখা ভাৰত জোড়ো যাত্ৰা আজি পুনৰ আৰম্ভ হোৱাৰ লগে লগে শক্তি দেখুৱাই কংগ্ৰেছে৷ পুৱাই জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিসৌধত ভূপেন বৰাৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পাছতে শিঙিমাৰীলৈ যাত্ৰা কৰাৰ পথত ভূপেন বৰাই ইশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰত সেৱা লয়৷ ঐতিহ্যমণ্ডিত সত্ৰখনত সেৱা লৈ ডেকা সত্ৰাধিকাৰ প্ৰভু ৰাজীৱ লোচন সন্তৰ আৰ্শীবাদ লাভ কৰে৷ ডেকা সত্ৰাধিকাৰ প্ৰভু ৰাজীৱ লোচন সন্তক সাক্ষাৎ কৰি ওলাই আহি ভূপেন বৰাই ডেকা সত্ৰাধিকাৰগৰাকীয়ে বিশেষ আৰ্শীবাদ দিয়া বুলি কয়৷ প্ৰভুৱে মনোকামনা সিদ্ধিৰ বাবে দৈ, গুৰেৰে জলপান খুৱাই কংগ্ৰেছ দলটোৰ লগতে এই পদযাত্ৰা সফল হোৱাৰ আৰ্শীবাদ দিয়ে৷
ভূপেন বৰাই অসমৰ গুৰু সলনি কৰিব খোজা বুলি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে৷ অসমৰ গুৰু সলাব খোজা কাৰ্যক কংগ্ৰেছে প্ৰতিহত কৰি অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰঅসম গঢ়িব বুলি কয়৷ বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ আত্মাক হত্যা কৰাৰ লগতে ‘কা’ আন্দোলনৰ সময়ত ৫ জনকৈ যুৱকক হত্যা কৰা বুলি অভিযোগ আনে৷ এনে কাম কৰাৰ বাবে পূৰ্বে ইতিহাসৰ পৰা বহু মুখ্যমন্ত্ৰীৰ নাম নিশ্চিহ্ন হৈ যোৱাৰ দৰেই আওপকীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ নাম ইতিহাসৰ পৃষ্ঠাৰ পৰা নিশ্চিহ্ন হৈ যাব বুলি কয় ভূপেন বৰাই৷
নামনি অসম অতিক্ৰমী কামৰূপ জিলাত প্ৰৱেশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা। বুধবাৰে পুৱা ১০ বাজি ৩০ মিনিটত শিঙিমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিক সাঙুৰি লয়৷ জালুকবাৰী সমষ্টিৰ এই যাত্ৰাক লৈ কংগ্ৰেছ নেতৃত্ব অধিক সক্ৰিয় হৈ পৰা দেখা যায়৷ কামৰূপ জিলাত ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰে। দিল্লীৰ পৰা উৰা মাৰি অহা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক ভবৰ জীতেন্দ্ৰ সিঙেও পদযাত্ৰাত অংশগ্ৰহণ কৰি এয়া নিৰ্বাচনী প্ৰচাৰ নহয় বুলি স্পষ্ট কৰি বিজেপিৰ বিভেদৰ ৰাজনীতি সমাপ্ত কৰিবলৈ কংগ্ৰেছে এই যাত্ৰা কৰা বুলি কয়৷ জালুকাবাৰী সমষ্টিৰ পদযাত্ৰাত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নৱাম টুকিও অংশগ্ৰহণ কৰে। এই যাত্ৰাত কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
আজিৰ পদযাত্ৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিত কংগ্ৰেছৰ বুথ-মণ্ডল তথা পুৰণি কৰ্মীসকল ওলাই আহি বিজেপিক প্ৰত্যাহ্বান জনায়৷ এই যাত্ৰাত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাস, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ৰিজুমণি তালুকদাৰ আদি নেতা-নেত্ৰী উপস্থিত থাকে৷ যোৱা ১ নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাই এই পৰ্যন্ত ১৫০ কিলোমিটাৰ অধিক পথ সামৰি লৈছে। যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।