Local, Vocal, Global

Jal jeevan mission scheme: ৰঙাপৰাত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি

৯ ফেব্ৰুৱাৰী ২০২৫,জামুগুৰিহাট:প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এক অভিলাষী আঁচনি জল জীৱন মিচন আঁচনি ৷ বৰ্তমান ৰঙাপৰাত জল জীৱন মিছন আঁচনি এতিয়া ধোঁৱা চাঙত পৰিনত হৈছে । ৰাইজে বিশুদ্ধ খোৱাপানীৰ বিপৰীতে খাৱলগীয়া হৈছে আইৰন যুক্ত অপৰিস্কাৰ পানী ৷ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি জল জীবন আঁচনিখন ৰূপায়ণ কৰিছিল যদিও কার্য্যত একাংশ জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৰঙাপৰাৰ ঢোলকোবা চাহ বাগিচাৰ ১২ নং লাইনত থকা পানী যোগান আঁচনিখন পৰা ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী ৷ বৰ্তমান বিকল অৱস্থাত পৰি আছে পানী যোগান আচনি। উক্ত লাইনত বসবাস কৰা শতাধিক ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰিবৰ্তে লাভ কৰিছে আইৰন যুক্ত পানী ৷ যাৰ বাবে ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় দুবছৰ পূর্বে আঁচনিখনৰ কাম ঠিকাদাৰে আৰম্ভ কৰিছিল যদিও বৰ্ত্তমানলৈকে ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম নহ’ল ৷ ৰঙাপৰাৰ ঢোলকোৱা চাহ বাগিচাৰ ৰাইজে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত ৰঙাপৰাৰ ঢোলকোৱাত নিৰ্মাণ হোৱা জল জীৱন মিছন আচনিখন বৰ্তমানেও বিকল হৈ আছে ৷ এই সন্দৰ্ভত ৰাইজে তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উর্ধ্বতন কর্তৃপক্ষক অৱগত কৰিছিল যদিও আঁচনিখন কার্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই কাণসাৰ নিদিলে ৷ কোটি টকীয়া চৰকাৰী অভিলাষী আঁচনিখন মেৰামতিৰ ব্যৱস্থা কৰি ৰাইজৰ সমস্যাটি সমাধান কৰিবলৈ বিভাগীয় কর্তৃপক্ষই আজিলৈকে আহৰি নোপোৱাটো অতি দুর্ভাগ্যজনক। স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগক ঢোলকোৱা ১২ নং লাইনত থকা অভিলাষী পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে।