Jagiroad Semiconductor Project: জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কৰিব মন্ত্ৰী অশ্বিনী বৈষ্ণৱে !
নিউজ ডেস্ক,৩জানুৱাৰী : ১২১ কোটি টকাৰে এটা পানী যোগান আঁচনিৰ ভূমি পূজন হ’ব জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত ৷ আজি এই আঁচনিৰ ভূমি পূজন কৰিব কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷ এই কথা সদৰি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই। বিশেষ ৰে’লেৰে মন্ত্ৰীগৰাকী উপস্থিত হ’ব জাগীৰোডত৷ জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পোনেপোনে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী৷ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ লগতে অন্যান্য আনুষংগিক উন্নয়ন পৰিদৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীক সংগ দিব জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷