Local, Vocal, Global

আই পি এল ২০২১ ৰ দ্বিতীয় পৰ্যায় ছেপ্টেম্বৰত ইউ.এ.ই.ত আৰম্ভ হ’ব

ক’ভিড–১৯ৰ প্রকোপৰ বাবে আধাতে বন্ধ হোৱা আই পি এলৰ বাকী থকা ৩১খন মেচত দর্শকৰ উপস্থিতি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে ৷ ভাৰতৰ পৰিৱর্তে UAE ত আই পি এলৰ অৱশিষ্ট মেচকেইখন পাতিবলৈ সাজু হোৱা বি চি চি আইৰ এক সূত্রই আজি এই কথা জানিবলৈ দিছে ৷ UAE  চৰকাৰে আই পি এলৰ মেচৰ সময়ত ষ্টেডিয়ামত ৫০ শতাংশ দর্শকক প্রৱেশৰ অনুমতি দিব বুলি উল্লেখ কৰি ব’ৰ্ডৰ সূত্রটোৱে কয় যে এই বিষয়ত বিতংভাৱে আলোচনা কৰিবলৈ ব’ডৰ এক প্রতিনিধি দল  ডুবাইত উপস্থিত হৈছে৷উল্লেখ্য যে ব’র্ডে এইপর্যন্ত আই পি এলৰ বাকী থকা মেচসমূহৰ সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ১৯ ছেপ্টেম্বৰৰ পৰা ১০ অক্টোবৰলৈ প্রতিযোগিতাখন অনুষ্ঠিত হোৱাটো একপ্রকাৰ নিশ্চিত