বিশ্বৰ ইতিহাসত সকলোতকৈ কণিষ্ঠতম শিক্ষাৰ্থী চালেব এণ্ডাৰচন
এটি ১২ বছৰীয়া কণমানি ল’ৰা নাম চালেব এণ্ডাৰচন। যিয়ে কম বয়সতে বিশ্ববাসীক চমক দেখুৱালে। যিটো সময়ত অন্য শিশু ব্যস্ত থাকে খেলা-ধূলাত, সেই সময়তে কণমানি চালেব এণ্ডাৰচন এনে এজন শিশু যি আকাশ চোৱাৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে। যাৰ নিছা মহাকাশ সম্বন্ধীয় অত্যন্ত কঠিন বিষয়সমূহ। ১২ বছৰ বয়সতে কণমানিটিয়ে লাভ কৰিছে ২ বছৰৰ বাবে এৰ’স্পেছ ইঞ্জিনীয়াৰিং অধ্যয়নৰ এক বৃহৎ সুযোগ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জৰজিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে সুযোগ পোৱা চালেব এণ্ডাৰচন হ’ল বিশ্বৰ ইতিহাসত সকলোতকৈ কণিষ্ঠতম শিক্ষাৰ্থী।
চালেবে কয়- মই ইমান জ্ঞানী নহয় যদিও যিমান পাৰো সকলো খবৰৰ লগতে তথ্যবোৰ ৰাখিবলৈ চেষ্টা কৰো। মাত্ৰ ৯ মাহ বয়সতে চালেবে নিজৰ নামটো লিখিবলৈ সক্ষম হোৱাৰ লগতে ২ বছৰ বয়সতে আনুষ্ঠানিক শিক্ষা জীৱনৰ পাতনি মেলা চালেব এতিয়া বিশ্ববাসীৰ চমকৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে সকলোৰে মাজত এক উদাহৰণ হৈ ৰ’ব।