International Yoga Day: মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক

নেশ্যনেল ডেস্ক, ৮ জুন: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অৰ্থাৎ বৃহস্পতিবাৰে ভূপালৰ ৰাজভৱনত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলক সাক্ষাৎ কৰে (Sarbananda Sonowal meeting with Governor and CM of Madhya Pradesh) । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতেও সৌহাৰ্দপূৰ্ণ সাক্ষাতত মিলিত হয়, য’ত দুয়োগৰাকী নেতাই এই মাহৰ ২১ তাৰিখে জবলপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে (International Yoga Day) । তদুপৰি, তেওঁলোকে আয়ুষ ঔষধ প্ৰণালী(Ayush medicine system)ৰ শ্ৰীবৃদ্ধিৰে ৰাজ্যখনৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে । আনহাতে, শিৱৰাজ সিং চৌহান আৰু সৰ্বানন্দ সোণোৱালে একেলগে মিলি গছপুলি ৰোপণৰ কাৰ্যসূচীতো ভাগ লয় (Sarbananda Sonowal plants trees) ।
মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ সৈতে হোৱা বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি ৰাজভৱনত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল(Madhya Pradesh Governor Mangubhai Patel)ক সাক্ষাৎ কৰি আনন্দিত হৈছোঁ। এই সৌহাৰ্দপূৰ্ণ বৈঠকত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)ৰ এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগীক সাৰোগত কৰি গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰোঁ আৰু দেশৰ সকলো প্ৰান্তৰ লগতে মধ্যপ্ৰদেশৰ জনসাধাৰণৰ মাজতো যোগক জনপ্ৰিয় কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰোঁ । মধ্যপ্ৰদেশৰ জবলপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৩ক এক বৃহৎ সফলতা প্ৰদানৰ বাবে আমি বহু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ।”
আনহাতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত সোণোৱালে কয়, “যিহেতু এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান মধ্যপ্ৰদেশৰ জবলপুৰত অনুষ্ঠিত হ’ব, সেয়েহে এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান(Madhya Pradesh Chief Minister Shivraj Singh Chouhan)ৰ সৈতে মোৰ এক ইতিবাচক আৰু ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয় । আমি যোগ দিৱস উদযাপনৰ প্ৰস্তুতি আৰু বিভিন্ন আনুষংগিক দিশৰ বিতংভাৱে পৰ্যালোচনা কৰিছোঁ, যাতে ইয়াক এক বৃহৎ সফলতা প্ৰদান কৰিব পৰা যায় । দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত যোগ ইতিমধ্যে এক বিশ্বব্যাপী আন্দোলনত পৰিণত হৈছে, কিয়নো বিশ্বৰ অধিক সংখ্যক লোকেই ইয়াৰ অংশীদাৰ হৈছে। আমাৰ আলোচনাৰ উদ্দেশ্য আছিল এই বছৰৰ যোগ দিৱস উদযাপনক সাফল্যমণ্ডিত কৰি তোলা, যোগৰ সমৃদ্ধ ঐতিহ্যক সাৰোগত কৰি এখন স্বাস্থ্যবান তথা সুখী ভাৰতবৰ্ষ গঢ়ি তোলাৰ দিশত জনসাধাৰণক সজাগ কৰা আৰু ইয়াৰ বাবে অহা ২১ জুনত এক যুগান্তকাৰী মুহূৰ্তৰ সৃষ্টি কৰা ।”
উল্লেখযোগ্য যে, অহা ২১ জুনত যোগ দিৱসৰ দিনা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সহায়ত যোগৰ এটা মহাসাগৰীয় ৰিং সৃষ্টি কৰা হ’ব আৰু বহু বন্দৰত যোগ প্ৰদৰ্শন কৰা হ’ব । বহু দেশেও এই কাৰ্যসূচীত যোগদান কৰাৰ সম্ভাৱনা আছে । আৰ্কটিকৰ পৰা এণ্টাৰ্কটিকালৈকে যোগ প্ৰদৰ্শন অনুষ্ঠিত হ’ব– প্ৰাইম মেৰিডিয়ান ৰেখাত বা ইয়াৰ ওচৰত থকা দেশসমূহে যোগ প্ৰদৰ্শন কাৰ্যসূচীত যোগদান কৰিব । উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলতো যোগাসন অনুষ্ঠিত হ’ব ।
আইএনএছ বিক্ৰান্ত আৰু আইএনএছ বিক্ৰমাদিত্যৰ ফ্লাইট ডেকসমূহো যোগ প্ৰদৰ্শনৰ অংশীদাৰ হ’ব । আৰ্কটিকৰ ভাৰতীয় গৱেষণা স্থলী ‘হিমাদ্ৰী’ আৰু এণ্টাৰ্কটিকাস্থিত ভাৰতীয় তৃতীয় গৱেষণা স্থলী ‘ভাৰতী’তো যোগ প্ৰদৰ্শন কৰা হ’ব । এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যোগ ভাৰতমালাত ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, উপকূলৰক্ষী বাহিনী আৰু সীমান্ত পথ সংস্থায়ো অংশগ্ৰহণ কৰিব । স্থানীয় পৰ্যায়ত ভাৰতৰ ২ লাখতকৈও অধিক গাঁৱত কমন যোগ প্ৰট’কল (চিৱাইপি)ৰ জৰিয়তে জনসাধাৰণক প্ৰশিক্ষণ প্ৰদান আৰু যোগ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু আয়ুষ- এই দুয়োটা মন্ত্ৰালয়ৰ ১.৫ লাখতকৈও অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত আৰু সকলো অমৃত সৰোবৰত (প্ৰায় ৫০ হাজাৰ) যোগ প্ৰদৰ্শন কৰা হ’ব ।