Local, Vocal, Global

International Tea Day 2023: আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে অসম চৰকাৰৰ বিশেষ অনুষ্ঠান

গুৱাহাটী, ২১ মে’: আজি চতুৰ্থ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস । চাহ দিৱস উপলক্ষে ২১ মে’ৰ এই বিশেষ দিনটোত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় (International Tea Day celebrates in Administrative staff college) । অনুষ্ঠানটোৰ আয়োজন কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগে । অনুষ্ঠানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু হৰেন সিং বে’।

চাহৰ বহু উপকাৰীত আৰু চাহ উদ্যোগে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ এক সুযোগ প্রদান কৰা হয় এই বিশেষ দিনটোত । আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষ্যে আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকি প্ৰদান কৰা ভাষণ প্ৰসংগত সাংসদ কামাখ্যা তাছাই চাহৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বিশেষ পদক্ষেপ লোৱাৰ পোষকতা কৰে (MP Kamakhya Prasad Tasa) । অনুষ্ঠানটোত ৫ গৰাকী ক্ষুদ্ৰ চাহ উদ্যোগীৰ প্ৰতিগৰাকীক ৫লাখ ৫৩ হাজাৰ ৯৮৬ টকাৰ এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ।

অনুষ্ঠানটোত বিভাগীয় মন্ত্ৰী বিমল বৰাই প্ৰদান কৰা ভাষণত অসমৰ চাহ উদ্যোগক কেনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি তাত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় (Assam minister Bimal Borah) । বিশ্ব দৰবাৰত অসমৰ বিহুয়ে চৰ্চা লাভ কৰিছে । এইবাৰ বহাগৰ বিহুক যিদৰে বিশ্ববাসীৰ সন্মুখত মাৰ্কেটিং আৰু ব্ৰেণ্ডিং কৰা হৈছে একেদৰে অসমৰ চাহপাতকো মাৰ্কেটিং কৰিবলৈ সকলোকে আহ্বান জনালে মন্ত্ৰী বিমল বৰাই ।

উল্লেখ্য যে, ২০০৫ চনত ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস অনুষ্ঠিত কৰা হৈছিল(Delhi celebrated International Tea Day for first time)। ইয়াৰ পিছত ২০১৫ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাক আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস বিশ্বজুৰি সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু প্ৰতিবছৰৰ ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ২১ মে’ৰ এই দিনটোত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰাৰ মূল কাৰণ হ’ল, চাহ উৎপাদনকাৰী দেশসমূহৰ অধিকাংশতে মে’মাহৰ পৰা চাহ উৎপাদনৰ বতৰ আৰম্ভ হয় (History of International Tea Day) ।

বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভিয়েটনাম, ইণ্ডোনেছিয়া, কেনিয়া, মালাউই, মালয়েছিয়া, উগাণ্ডা, ভাৰত আৰু তাঞ্জানিয়াৰ দৰে বিভিন্ন দেশে প্ৰতি বছৰে ১৫ ডিচেম্বৰৰ এই দিনটোত পালন কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস (International Tea Day 2023 )। বিশ্বত পানীৰ পিছতে দ্বিতীয় সৰ্বাধিক পান কৰা কৰা পানীয়বিধেই হৈছে চাহ । অধিকাংশ লোকেই চাহক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা পৰিলক্ষিত হৈ আহিছে । বৰ্তমান সময়ত চাহৰ সৰ্বাধিক ৰপ্তানি কৰা দেশ হিচাপে চিহ্নিত হৈছে চীন । ভাৰতৰ চাহ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি আমাৰ দেশত উৎপাদিত মুঠ চাহৰ প্ৰায় ৮০ শতাংশ ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক: International Tea Day 2023 : সকলোৰে প্ৰিয় পানীয় চাহৰ উপকাৰিতাৰ বিষয়ে জানো আহক