Local, Vocal, Global

ভাৰতবৰ্ষৰ আটাইতকৈ সস্তীয়া চহৰ দুখন ‘যত আপুনিও সাজিব পাৰে ঘৰ’

স্বাস্থ্যকৰ পৰিৱেশ আৰু জলবায়ুৰ এখন চহৰত বাসকৰাৰ ইচ্ছা কাৰ নাই! কিন্তু সমস্যা টকা পইচাৰ । মধ্য বিত্ত পৰিয়ালৰ বাবে গোটেই জীৱন পৰিক্ৰমাই পৰিচালনা কৰে বাজেটে। কিন্তু সেই বাজেটৰ পৰাই কিছু ধন আছুতীয়াকৈ ৰাখি আপুনিও ঘৰ সাজিব পাৰে ভাৰতবৰ্ষৰ দুখন বিশেষ চহৰত। তাৰে এখন যদি সুন্দৰ জলবায়ুৰ বাবে আকৰ্ষণীয় আনখন চহৰ আকৌ সমুদ্ৰ তীৰত। Economic Intelligence Unit নামৰ সংস্থাটোৱে চলোৱা ২০২০ বৰ্ষৰ ৱৰ্ল্ড ৱাইড কষ্ট অৱ লিভিং শীৰ্ষক এক সমীক্ষাত পৃথিৱীৰ ১৩০ খন চহৰৰ এক তালিকা প্ৰস্থুত কৰা হৈছে, যি তালিকাত অন্তৰ্ভুক্ত হৈছে সমীক্ষাটোত আটাইতকৈ কম খৰচী ৰূপে চিহ্নীত হোৱা চহৰ সমূহ। এই সমীক্ষাত ভাৰতবৰ্ষৰ আটাইতকৈ সস্তীয়া বা কম খৰচী চহৰ ৰূপে স্থান পাইছে বাংগালুৰু আৰু চেন্নাই চহৰে । ১৩০ খন কম খৰচী চহৰৰ তালিকাত চেন্নাই ৮ আৰু বাংগালুৰে পাইছে দশম স্থান। উল্লেখযোগ্য যে ৱৰ্ল্ড ৱাইড কষ্ট অৱ লিভিং চাৰ্ভে প্ৰতিবছৰতে এবাৰকৈ কৰা হয় কিন্তু এই বছৰ কৰোনা মহামাৰীৰ ত্ৰাসৰ পৰিপ্ৰেক্ষিতত এই সমীক্ষা দুবাৰ চলোৱা হৈছিল। এই সমীক্ষাৰ ভিত্তি হৈছে সংশ্লিষ্ট চহৰ সমূহৰ নাগৰিকৰ খোৱা পানীৰ খৰচ, ঘৰ ভাড়া, দৈনিক অফিচ-কাচাৰিলৈ অহা যোৱাৰ বাবত হোৱা খৰচ, খোৱাৰ খৰচৰ লগতে বিজুলিৰ বিল ।এই তালিকা খনত তাচখণ্ড, কৰাচি, বুয়েন্স আয়াৰ্চ আদি চহৰ সমূহৰ স্থান আছে আগশাৰীত।