Local, Vocal, Global

ব্যক্তিগত খণ্ডৰ হাতলৈ যাব ভাৰতীয় ৰে’ল

107

এইবাৰ ব্যক্তিগত খণ্ডৰ হাতলৈ যাব ভাৰতীয় ৰে’ল

এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ভাৰতীয় ৰে’লত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ দুৱাৰ মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। সৰ্বাধিক লোকক সংস্থাপন দিয়া দেশৰ পুৰণি প্ৰতিষ্ঠানটোৱে অচিৰেই হেৰুৱাব ৰাজহুৱা খণ্ডৰ মৰ্যাদা। দেশৰ ১০৯টা পথত চলিব বেচৰকাৰী ৰে’লগাড়ী। প্ৰথম পৰ্যায়ত ১১৫যোৰ ৰে’লৰ চলাচল ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ প্ৰস্তাৱ মোদী চৰকাৰৰ। ৩৫ বছৰৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানে লাভ কৰিব স্বত্ব। প্ৰতিখন ৰে’লত থাকিব কমেও ১৬টা দবা, প্ৰতি ঘন্টাত চলিব ১৬০ কি:মি: বেগত। দেশীয় কোম্পানীৰ উপৰি ফ্ৰান্স, কানাডা, স্পেইনৰ কোম্পানীয়ে লেকাম ধৰাৰ সম্ভাৱনা। ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা। ৰে’লৱে বিভাগে যোগান ধৰিব মাথোঁ গাৰ্ড আৰু ড্ৰাইভাৰ। কৰ’নাসৃষ্ট পৰিৱেশত অভাৱনীয় লোকচানৰ সন্মুখীন হোৱা ভাৰতীয় ৰে’ল বিভাগক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত মোদীচৰকাৰৰ।