Local, Vocal, Global

ভাৰতে কিনিব লাগিব অক্সিজেন

শীতকালত কৰ’নাৰ সংক্ৰমণ দ্ৰুত হোৱাৰ আশংকা কৰিছে ভাৰত চৰকাৰে৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বিশাল পৰিমাণৰ তৰলীকৃত অক্সিজেন আমদানী কৰাৰ প্ৰস্তুতি চূ়ড়ান্ত কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে আমদানি কৰিবলৈ লোৱা এক লাখ মেট্ৰিকটন তৰলীকৃত অক্সিজেনৰ আমদানীত ব্যয় হ’ব প্ৰায় ৭০০ কোটি টকা৷ ভাৰতত বৰ্তমান মুঠ কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৭২,৩৯,৩৮৯গৰাকীলৈ৷ মৃতকৰ সংখ্যা ১,১০,৬১৭গৰাকীলৈ বৃদ্ধি৷