ভাৰতত কৰ’নাৰ ভয়াবহ ৰূপ
- ২৪ ঘন্টাত কৰ’না আক্ৰান্ত হৈ ভাৰতত ৪৭৯ গৰাকী লোকৰ মৃত্যু
- নতুনকৈ আক্ৰান্ত ২২,৩১৫ গৰাকীসহ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৭,৪২,৬৬১ গৰাকীলৈ বৃদ্ধি এই পৰ্যন্ত মৃত্যু ২০,৬৫৩ গৰাকীৰ
- দেশৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত পুৰ্বৰ দুসপ্তাহৰ দৰেই অব্যাহত আছে মহামাৰীৰ সংহাৰ
- বিগত ২৪ ঘন্টাত ৰাজ্যখনত ৫,৬৩৮ গৰাকী নতুন আক্ৰান্তৰে সংক্ৰমিতৰ সংখ্যা ২,১১,৯৭৮ গৰাকীলৈ বৃদ্ধি হৈছে
- ৰাজধানী দিল্লীত ২৪ ঘন্টাত ১,৩৮০ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৮ গৰাকীৰ মৃত্যু ঘটিছে
- দিল্লীত এই পৰ্যন্ত ১,০০,৮২৩ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ৩,১১৫ গৰাকীৰ
- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে প্ৰতি নিযুতত ভাৰতত কৰ’না সংক্ৰমণ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
- বিশ্বত এই পৰ্যন্ত ১,১৮,৪৫,৩৮২ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ৫,৪৩,৫৫৩ লৈ বৃদ্ধি পাইছে