Local, Vocal, Global

দিল্লীৰ আজাদ বজাৰ এলেকাত অঘটন

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : শুকুৰবাৰে দিল্লীৰ আজাদ বজাৰ ( Azad Market ) এলেকাত এটা নিৰ্মাণাধীন চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত কমেও চাৰিজন লোক আহত হোৱাৰ আশংকা কৰা হৈছে।

বাতৰি অনুসৰি, নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত আজি পুৱা প্ৰায় ৮.৫০ বজাত অট্টালিকাটো হঠাতে খহি পৰিছিল। আৰু নিৰ্মাণ কাৰ্যত নিয়োজিত চাৰিজন শ্ৰমিক ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছিল।

তদুপৰি, ধ্বংসাৱশেষ আৰু ধ্বংসস্তূপৰ তলত আন পাঁচজন আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে।

ইফালে, বিষয়াসকলে জনাইছে যে পুনৰ অভিযান আৰম্ভ কৰা হৈছে আৰু আৱদ্ধ লোকসকলক পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে।

তেওঁলোকে লগতে কয় যে চাৰিখন অগ্নি নিৰ্বাপক গাড়ীও ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে।

প্ৰাথমিক ভাৱে, গাঁথনিটোৱে ওজন বহন কৰিব নোৱাৰাৰ বাবে অট্টালিকাটো খহি পৰিছে বুলি দিল্লীৰ DCPয়ে জানিব দিছে।