দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বুঢ়ীগাওত অঘটন

নিউজ ডেস্ক : নিজৰ ডিঙিত নিজেই চুৰিকাঘাত কৰি মৃত্যুক সাৱতিলে ছাদ্দাম হুছেইন নামৰ এজন যুৱ মিস্ত্ৰীয়ে।
খবৰ অনুসৰি, দেওবাৰে দলগাঁও থানাৰ অন্তৰ্গত বুঢ়ীগাৱত নিজৰ পেহীয়েকৰ ঘৰত কাম কৰিবলৈ গৈছিল নিজ দলগাঁৱৰ ছাদ্দাম হুছেইনৰ নামৰ যুৱক জন। আবেলি হঠাৎ গা বেয়া লগাত বিছনাত শুই দিছিল যুৱক জন।
আনহাতে, শুই থকাৰ অৱস্থাতে নিজৰ ডিঙিত নিজেই চুৰিকাঘাত কৰি বিছনাৰ পৰা উঠি চিঞৰি চিঞৰি বাহিৰলৈ গৈছিল।
ছাদ্দামৰ চিঞৰ বাখৰ শুনি ঘৰটোৰ লোকসকলৰ লগেত তেওঁৰ কাম কৰা মিস্ত্ৰীয়ে তৎক্ষণাত মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও সন্ধিয়া যুৱক জনৰ মৃত্যু হয়।
উল্লেখ্য যে, মৃত যুৱকজনৰ পেহীয়েকৰ ঘৰৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি মিস্ত্ৰী ছাদ্দামৰ মূৰৰ বেমাৰ আছিল। আৰু দুই এদিনৰ ভিতৰতে তেওঁক তেজপুৰলৈ চিকিৎসাৰ বাবে নিয়াৰ কথা আছিল।
পৰৱৰ্তীসময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দলগাঁওত।