বাঙ্কে বিহাৰী মন্দিৰত মাজনিশা জন্মাষ্টমী উদযাপনৰ সময়ত অঘটন
নিউজ ডেস্ক, ২০ আগষ্ট : মথুৰাক ভগৱান কৃষ্ণৰ জন্মস্থান বুলি গণ্য কৰা হয়। উত্তৰ প্ৰদেশৰ মথুৰাৰ এটা মন্দিৰত জন্মাষ্টমী উদযাপনৰ সময়ত হোৱা অত্যাধিক ভিৰৰ ফলত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে।
ঘটনাটো বাঙ্কে বিহাৰী মন্দিৰত (Banke Bihari temple) মাজনিশা জন্মাষ্টমী উদযাপনৰ সময়ত সংঘটিত হৈছিল।
বাতৰি অনুসৰি, অনুষ্ঠানটোত হঠাতে ভক্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত অত্যাধিক ভিৰ হৈছিল। ইয়াৰ ফলত শ্বাসৰুদ্ধ হৈ ভক্ত – মহিলা আৰু এজন পুৰুষৰ মৃত্যু হয়।
তদুপৰি, কমেও ছয়জন লোক আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।