Local, Vocal, Global

গুৱাহাটীৰ পৰা ভাৰত গৌৰৱ ৰে’লৰ শুভাৰম্ভণি, অৰুণাচল প্ৰদেশৰ বাবে গুৱাহাটীৰ পৰা ভাৰত গৌৰৱ ৰে’ল ৰাওনা…

ডিজিটেল ডেস্ক:-অৰুণাচল প্ৰদেশৰ বাবে গুৱাহাটীৰ পৰা ভাৰত গৌৰৱ ৰেলৰ শুভাৰম্ভ।ভাৰত গৌৰৱ ৰে’ল “নৰ্থ ইষ্ট ডিচকভাৰী বিয়ণ্ড গুৱাহাটী” ৰে’লখনৰ পৰৱৰ্তী ভ্ৰমণ শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা শুভাৰম্ভ হয়। ৰে’লখন ইয়াৰ পাছত অৰুণাচল প্ৰদেশৰ নাহৰলগুন ৰে’ল ষ্টেচনলৈ ৰাওনা হয়। বিগত ২১ মাৰ্চত দিল্লীৰ চফদৰজং ষ্টেচনৰ পৰা পৰ্যটকৰ সৈতে যাত্ৰা আৰম্ভ কৰাৰ পিছত ৰে’লখন ২৩ মাৰ্চ বৃহস্পতিবাৰে গুৱাহাটী ষ্টেচনত উপস্থিত হৈছিল।শুকুৰবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত আয়োজিত ৰে’লখনৰ ফ্লেগ অফ কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু ভাৰত চৰকাৰৰ ৰে’ল, কয়লা আৰু খনি বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব পাটিল দানভেই ৰে’লখনক ভাৰ্চুৱেলী শুভাৰম্ভ কৰে।এই শুভাৰম্ভ অনুষ্ঠানত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তা, উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক সুনীল কুমাৰ ঝা আৰু লামডিঙৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক প্ৰেম ৰঞ্জন কুমাৰৰ লগতে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য আৰু সমৃদ্ধ সাংস্কৃতিক জীৱন আৱিষ্কাৰ আৰু অভিজ্ঞতা লাভ কৰিবলৈ ভাৰত গৌৰৱ ৰে’লৰ পৰিচালনত বিশিষ্ট ব্যক্তিসকলে অপৰিসীম আনন্দ প্ৰকাশ কৰে। ‘ভাৰত গৌৰৱ’ নামৰ প্ৰকল্পটোৰ অধীনত সমগ্ৰ দেশতে পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে’ল আৰু আইআৰচিটিচিয়ে গ্ৰহণ কৰা পদক্ষেপক সকলো পক্ষৰ পৰা গভীৰ প্ৰশংসা আৰু সমৰ্থনযোগ্য হিচাপে বিবেচিত হয়। এই ভাৰত গৌৰৱ ৰে’লখন পৰিচালনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে পৰ্যটন খণ্ডই যথেষ্ট উৎসাহিত হ’ব।..