Local, Vocal, Global

নাগালেণ্ড আৰু মেঘালয়ত কোনে মাৰিব শেষ হাঁহি,কোনো গঠন কৰিব চৰকাৰ…

ডিজিটেল ডেস্কঃ-আজি নাগালেণ্ড আৰু মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।আজি ভোটাৰৰ হাতত ন্যস্ত নাগালেণ্ড আৰু মেঘালয়ৰ ভৱিষ্যত।এইবাৰ মেঘালয়ত হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ।আজি হাই ভল্টেজৰ প্ৰচাৰৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে।

দুয়োখন ৰাজ্যতে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ।পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী।২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে সাজু হৈ উঠিছিল মেঘালয়ত।মেঘালয়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২১,৭৫,২৩৬জন।এই ২১.৬ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থীৰ ভৱিষ্যত।
আনহাতে,আজি পুৱাৰে পৰা নাগালেণ্ডত ভোটকেন্দ্ৰসমূহত দেখা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী।আনহাতে নাগালেণ্ডত ৫৯টা সমষ্টিৰ বিপৰীতে ১৮৩জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা ৪গৰাকী।ইয়াৰ ভিতৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ BJPৰ প্ৰাৰ্থী কহেতু কিনিমিৰ।ৰাজ্যখনত মুঠ ভোটাৰ প্ৰায় ১৩,১৭,৬৩২জন।মুঠ ২,৩১৫টা কেন্দ্ৰত ভোট গ্ৰহণ।আজি নাগালেণ্ডত আৰু মেঘালয়ৰ জনতাৰ হাতত ন্যস্ত আছে এক গুৰুত্বপূৰ্ণ দায়িত্ব। কোনে শাসন কৰিব মেঘালয় আৰু নাগালেণ্ডত?কি হ’ব মেঘালয় আৰু নাগালেণ্ডৰ ভৱিষ্যত?কাৰ হাতত মেঘালয় আৰু নাগালেণ্ডৰ শাসনৰ বাঘজৰী।