চুটি কাপোৰ নাৰী-নিৰ্যাতন হোৱাৰ মূল সমস্যা নেকি ?
মহিলা সকলে চুটি কাপোৰ পৰিধান কৰাৰ ফলত নিৰ্যাতনৰ বলি হব লগা হয় ।কেৱল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বত নাৰী-নিৰ্যাতনৰ ওপৰত আইন বনোৱা হৈছে তথাপিও কিন্তু একেবাৰে শূণ্যৰ ঘৰত নাৰী-নিৰ্যাতনৰ সমস্যা দেখা পোৱা নাযায়
পাকিস্তানৰ প্ৰধামন্ত্ৰী ইমৰান খানে এটা সাক্ষাৎকাৰত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ মূল সমস্যা চুটি কাপোৰ বুলি মন্তব্য কৰে । এক্সিওচ HBOৰ জনাথন ৰাজহাহৰ সৈতে তেওঁৰ চাইট ডাউন সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰধামন্ত্ৰী গৰাকীয়ে কয় যে ‘ যদি এগৰাকী মহিলাই খুব কম কাপোৰ পিন্ধে, ই পুৰুষসকলৰ ওপৰত প্ৰভাৱ পেলাব,যদিহে তেওঁলোক ROBOT নহয়, ই কেৱল সাধাৰণ জ্ঞান ।
পাকিস্তানৰ প্ৰধামন্ত্ৰী এনে মন্তব্য কৰাৰ পিছতে সামাজিক মাধ্যমত সমালোচনাৰ ভিতৰত সোমাই পৰে । সামাজিক মাধ্যমত একাংশই প্ৰধানমন্ত্ৰী গৰাকীৰ দৃষ্টিভঙ্গীক ‘গোড়া’ বিস্ফোৰক মন্তব্য বুলি সমালোচনা কৰা পৰিল