Local, Vocal, Global

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ৩১ আগষ্ট : মঙলবাৰে (৩০ আগষ্ট) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অসম চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃ/শাহু- শহুৰেকৰ সৈতে সময় অতিবাহিত কৰিবলৈ বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

কৰ্মচাৰীসকলে ২০২৩ বৰ্ষৰ ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী তাৰিখে বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব আৰু তাৰ পিছত ১২ ফেব্ৰুৱাৰী (দেওবাৰে) তাৰিখেও বন্ধ থাকিব।