Local, Vocal, Global

ইতিহাস ৰচনাৰে ১৯ বছৰীয়া তৰুণী ফ্ৰেন্স অপেনৰ নতুন ৰাণী

বিশ্ব টেনিছৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিযোগিতা ফ্ৰেন্স অপেন। ফ্ৰেন্স অপেনত এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে খিতাপ দখল কৰি অঘটন ঘটাইছে। পোলেণ্ডৰ বাছনিবিহীন খেলুৱৈ ইগা ছোৱাইটেকে চতুৰ্থ বাছনিৰ আমেৰিকাৰ চফিয়া কেনিনক ৬-৪; ৬-১ ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে।

 

প্ৰাক্তন জুনিয়ৰ উইম্বলডন চেম্পিয়ন ইগাই এই জয়েৰে টেনিছ বিশ্বৰ নতুন ৰাণী ৰূপে চিহ্ণিত হৈছে। এই জয়ৰ পথত তেওঁ এটাও ছেট হেৰুৱাবলগীয়া হোৱা নাই আৰু এই ক্ষেত্রত ২০০৭ চনৰ বিজয়ী জাষ্টিন হেনিনৰ পিছত এনে কৃতিত্ব অর্জন কৰা প্ৰথমগৰাকী মহিলা টেনিছ খেলুৱৈ ৰূপে চিহ্নিত হৈছে ইগা। ইগাৰ ছোৱাইটেকৰ কেৰিয়াৰত এই জয়েই হৈছে প্ৰথমটো গ্ৰেণ্ডশ্লাম খিতাপ । ১৯ বছৰ বয়সতে টেনিছ ক’ৰ্টত ইতিহাস ৰচিলে পোলেণ্ডৰ ইগাৰ ছোৱাইটেকে।