বিজেপিৰ স্থানীয় কাৰ্যালয়ৰ ওচৰত উদ্ধাৰ IED
নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : বৃহস্পতিবাৰে বিজেপিৰ স্থানীয় কাৰ্যালয়ৰ ওচৰত এটা শক্তিশালী Improvised Explosive Device ( IED) উদ্ধাৰ হোৱাৰ পিছত মণিপুৰৰ ইম্ফলত উত্তেজনা বিৰাজ কৰিছিল।
বাতৰি অনুসৰি, পৰৱৰ্তীসময়ত মণিপুৰ আৰক্ষীৰ এটা বোমা নিষ্কাশনকাৰী দলে IEDটো সুৰক্ষিতভাৱে নিষ্ক্ৰিয় কৰে।
প্ৰায় ৪ কিলোগ্ৰাম ওজনৰ সন্দেহযুক্ত IEDটো মণিপুৰৰ চিংজামেই বিধানসভা সমষ্টিৰ ১৬ নং ৱাৰ্ডত বিজেপিৰ ৱাৰ্ড কমিটিৰ কাৰ্যালয়ৰ সন্মুখত ৰোপণ কৰা হৈছিল।
ঘটনাটোৰ পিছত, সমগ্ৰ অঞ্চলটো ঘেৰাও কৰা হৈছিল আৰু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাহনবোৰ অঞ্চলটোত প্ৰৱেশ বা প্ৰস্থান কৰাত বাধা দিয়া হৈছিল।
মণিপুৰ আৰক্ষীয়ে কয় , বোমা টো ৰোপণ কৰাৰ বাবে কোন দায়ী সেয়া এতিয়াও জনা হোৱা নাই।
বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।